ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণে বিপদ মাতিছে কংগ্ৰেছ নেতৃত্বলৈ...

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণে বিপদ মাতিছে কংগ্ৰেছ নেতৃত্বলৈ...
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণে বিপদ মাতিছে কংগ্ৰেছ নেতৃত্বলৈ...

ডিজিটেল ডেস্কঃ ৰাম মন্দিৰক লৈ বিপদত পৰিছে কংগ্ৰেছ। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাম মন্দিৰৰ শুভ উদ্বোধন কৰি বিজেপিয়ে সমগ্ৰ দেশতে হিন্দু ধৰ্মীয় এক আৱেগৰ সৃষ্টি কৰাত যিমান পাৰি সিমান চেষ্টা অব্যাহত ৰখাৰ সময়তে মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা, নকৰাক লৈ দোমোজাত কংগ্ৰেছ নেতৃত্ব। কিয়নো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলেও বা নকৰিলেও দলটোৰ বিপদ অনিবাৰ্য।

২২ জানুৱাৰীত শুউ উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ। এই ৰাম মন্দিৰৰ শুভ উদ্বোধনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ উপৰিও কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়েও লাভ কৰিছে এই অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ।

কিন্তু এই পৰ্যন্ত তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নে নাই তাক লৈ কোনো সিদ্ধান্তত উপনীত হোৱা নাই। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কয়, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতৃত্বই যোগ দিব নে নাই সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। যথা সময়ত এই বিষয়ে সিদ্ধান্ত লোৱা হ'ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপিৰ নেতৃত্বই ৰাম মন্দিৰৰ উদ্বোধনক কেন্দ্ৰ কৰি লোকসভা নিৰ্বাচনৰ আগে আগে সমগ্ৰ দেশতে হিন্দুত্ববাদী ভাবধাৰাক অধিক শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। হিন্দু আৱেগৰ সৃষ্টি কৰিয়েই ২০২৪ ৰ লোকসভা নিৰ্বাচন অতিক্ৰম কৰাৰ কৌশল বিজেপিৰ।

এই কথা কংগ্ৰেছেও বুজি পাইছে। সেয়ে এই অনুষ্ঠানত যোগদান কৰিলে কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক কৌশলৰ সন্মুখত বশ্যতা স্বীকাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ মোডীৰ অনুষ্ঠানৰ মঞ্চত বহি মোডীৰ প্ৰচাৰৰ অংশ হৈ কংগ্ৰেছ নেতৃত্বই হাত চাপৰি বজাব লাগিব।

ফলত বিজেপিৰ সন্মুখত নিৰ্বাচনৰ পূৰ্বেই কৌশলগতভাৱে কংগ্ৰেছ অধিক দুৰ্বল হৈ পৰিব। আনহাতে এই অনুষ্ঠানত যদি কংগ্ৰেছ নেতৃত্বই যোগদান নকৰে তেন্তে কংগ্ৰেছৰ ওপৰত লাগিব ৰাম মন্দিৰ বিৰোধীৰ টেগ। এই টেগ যে বিজেপিয়েই লগাব আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ চলাব সেয়াও নিশ্চিত।

পূৰ্বে এই অনুষ্ঠানত ছোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে উপস্থিত নাথাকিলেও তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণ কৰিব বুলি দিগ্বীজয় সিঙে সংবাদ মাধ্যমৰ আগত কৈছিল যদিও এই অনুষ্ঠানৰ বাবে যাৰ নামত নিমন্ত্ৰণী পত্ৰ গৈছে তেওঁহে উপস্থিত থাকিব পৰা ব্যৱস্থা কৰাৰ বাবেই এতিয়া প্ৰতিনিধি প্ৰেৰণ কৰা ব্যৱস্থাও নোহোৱা হ'ল।

সমাজদবাদী পাৰ্টীৰ পৰা আৰম্ভ কৰি চি পি এমলৈকে ইণ্ডিয়া গোটৰ অংশীদাৰসকলে ইতিমধ্যে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈ ৰাজহুৱাকৈ ঘোষণা কৰিছে। কিন্তু কংগ্ৰেছে এতিয়াও কোনো সিদ্ধান্ত ল'ব পৰা নাই।

কংগ্ৰেছৰ বাবে এই মুহূৰ্তত এই সিদ্ধান্ত লোৱাটো সহজো নহয়। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মাজত বিষয়টোক লৈ আলোচনাও হৈছে। এই আলোচনাত অৱশ্যে দ্বিমত দেখা গৈছে। একাংশৰ মতে এই অনুষ্ঠানত কংগ্ৰেছ নেতৃত্ব উপস্থিত থাকিব নালাগে যদিও আন একাংশৰ মতে উপস্থিত থাকিব লাগে। তেওঁলোকৰ যুক্তি পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়তে ৰামলালাল পূজাৰ বাবে বাবৰি মছজিদৰ তলা খোলা হৈছিল।

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণে বিপদ মাতিছে কংগ্ৰেছ নেতৃত্বলৈ...
নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাকৰ খুন্দাত ৫ জনকৈ লোক নিহতঃ আহত ১৯ জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in