৪ ৰাজ্যৰ আসন বুজাবুজি চূড়ান্তঃ কি ভুল কৰিছে বিৰোধীয়ে?

ইউ পিত গুৰুত্বহীন বি এছ পি, দিল্লী, হাৰিয়ানা, গুজৰাটত আন ক্ষুদ্ৰ ৰাজনৈতিক দল
৪ ৰাজ্যৰ আসন বুজাবুজি চূড়ান্তঃ কি ভুল কৰিছে বিৰোধীয়ে?
৪ ৰাজ্যৰ আসন বুজাবুজি চূড়ান্তঃ কি ভুল কৰিছে বিৰোধীয়ে?

ডিজিটেল ডেস্কঃ চমু চাপি আহিছে লোকসভা নিৰ্বাচনৰ দিন। মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পাৰে নিৰ্বাচনী অধিসূচনা। এনে পৰিস্থিতিত শাসকীয় বিজেপিয়ে দেশজুৰি নিৰ্বাচনী ৰণডংকা বজাইছে যদিও বিৰোধীয়ে এতিয়াও সম্পূৰ্ণ শক্তিৰে নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি চলাবলৈ সক্ষম হোৱা নাই।

'ইণ্ডিয়া' গঠন কৰিলে যদিও আসন ভাগ বতোৱাৰ সম্পূৰ্ণ নোহোৱাৰ বাবেই বাৰে বাৰে থমকিছে 'ইণ্ডিয়া'। তাৰ মাজতে 'ইণ্ডিয়া'লৈ আহিছে ভাল খবৰ। ৪ ৰাজ্যত প্ৰায় চূড়ান্ত হৈছে আসন বুজাবুজি।

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু গুজৰাটত প্ৰায় চূড়ান্ত হৈছে কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলৰ মাজৰ আসন বুজাবুজি। ৮০ খন আসন থকা উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰে আসন বুজাবুজি সম্পূৰ্ণ কৰিছে কংগ্ৰেছে।

ইয়াৰে ১৭ খন আসনত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু ৬২ খন আসনত সমাজবাদী পাৰ্টীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। এখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আন মিত্ৰ দলে।

সেইদৰেই দিল্লীৰ মুঠ ৭ খন আসনৰ ভিতৰত আম আদমী পাৰ্টিয়ে ৪ খন আসন নিজৰ লগত ৰাখি ৩ খন আসন কংগ্ৰেছক এৰি দিব বুলি চৰ্চা চলিছে। হাৰিয়ানা আৰু গুজৰাটৰ বাবেও আপ আৰু কংগ্ৰেছৰ আসন বুজাবুজি প্ৰায় সম্পূৰ্ণ হৈছে। ৰাজ্য দুখনত কংগ্ৰেছে আপক এৰি দিব মুঠ ৩ খন আসন।

এনে পৰিস্থিতিত বিৰোধী মিত্ৰজোঁট উৎফুল্লিত হৈ পৰিছে যদিও অৱশ্যে এই আসন বুজাবুজিৰে তেওঁলোক কিমান উপকৃত হ'ব সেয়া সময়েহে ক'ব। কিয়নো উত্তৰ প্ৰদেশত এতিয়াও বহুজন সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোক দল 'ইণ্ডিয়া'ৰ বাহিৰত আছে। এই দুয়োটা দলৰ আছে গণভিত্তি।

২০১৯ ৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনত বি এছ পিয়ে ১০ খন আসন লাভ কৰিছিল। সমাজবাদীয়ে পাৰ্টীয়ে লাভ কৰিছিল মাত্ৰ ৫ খন আসন। বিজেপিয়ে অকলেই দখল কৰিছিল ৬২ খন আসন।

সেইবাৰ বিজেপিয়ে লাভ কৰিছিল মুঠ ৫০ শতাংশ ভোট। বহুজন সমাজবাদী পাৰ্টীয়ে ১৯.৪ শতাংশ আৰু সমাজবাদী পাৰ্টীয়ে ১৮.১ শতাংশ ভোট লাভ কৰিছিল। কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ৬.৪ শতাংশহে ভোট।এনে প্ৰেক্ষাপটত বহুজন সমাজবাদী পাৰ্টী অবিহনে উত্তৰ প্ৰদেশত বিজেপিক বিৰোধীয়ে কিদৰে ৰোধিব সেয়া হ'ব লক্ষ্যণীয়।

২০১৪ চনৰ নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে অকলেই লাভ কৰিছিল মুঠ ৭১ খন আসন। সেইবাৰ সমাজবাদীয়ে পাৰ্টীয়ে লাভ কৰিছিল ৫ খন আৰু কংগ্ৰেছে ২ খন আসন লাভ কৰিছিল। বিজেপিয়ে ৪২.৬ শতাংশ সমাজবাদী পাৰ্টীয়ে ২২.৩ শতাংশ আৰু কংগ্ৰেছে ৭.৫ শতাংশ ভোট লাভ কৰিছিল।

২০১৪ লোকসভা নিৰ্বাচনৰ তুলনাত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পালে যদিও প্ৰায় ৭ শতাংশৰো অধিক ভোট বৃদ্ধি পালে। একেদৰে ২০১৪ ৰ তুলনাত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ ভোটৰ হাৰ ২০১৯ত হ্ৰাস পাইছে। বৃদ্ধি পাইছে বহুজন সমাজবাদী পাৰ্টীৰ ভোটৰ হাৰ।

একেদৰে দিল্লীত ২০১৪ আৰু ২০১৯ ত ৭ খন আসনৰ ৭ খনেই দখল কৰিছে বিজেপিয়ে। ২০১৪ ত দিল্লীত বিজেপিয়ে লাভ কৰা ভোটৰ শতাংশ আছিল ৪৬.৬ শতাংশ। ২০১৯ চনত এইয়া ৫৬. ৯ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে আপৰ ভোট ২০১৪ ৰ তুলনাত ২০১৯ ত দিল্লীত বহু হ্ৰাস পাইছে। কংগ্ৰেছৰ অৱশ্যে কিছু পৰিমাণে বৃদ্ধি পাইছে।

হাৰিয়ানাত ২০১৯ ৰ লোকসভা নিৰ্বাচনত ১০ খন আসনৰ ১০ খনেই লাভ কৰিছিল এন ডি এয়ে। ২০১৪ ত এন ডি এয়ে ৰাজ্যখনত লাভ কৰিছিল ৭ খন আসন। ইউ পি এয়ে ২০১৪ ত এখন আসন লাভ কৰিছিল যদিও ২০১৯ ত সেই আসনখন হেৰুৱাইছে।

২০১৪ ত কংগ্ৰেছে লাভ কৰা ২৩ শতাংশ ভোটৰ পৰা ২০১৯ ত ২৮.৫ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত আপৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি হ'লেও বি এছ পিকে ধৰি আন আন দলসমূহৰ কিছু গণভিত্তি আছে। এই দলসমূহৰ সৈতে কিধৰণে কংগ্ৰেছে বুজাবুজি কৰে সেয়াও হ'ব লক্ষ্যণীয়।

গুজৰাটত আছে মুঠ ২৬ খন আসন। এই ২৬ খন আসনতেই বিজেপিয়ে ২০১৪ আৰু ২০১৯ ত বিজয় সাব্যস্ত কৰিছে। ২০১৪ ৰ তুলনাত বিজেপিৰ ভোটৰ শতাংশও ২০১৯ ত বৃদ্ধি পাইছে। কংগ্ৰেছৰ ভোটৰ হাৰ ২০১৪ তুলনাত ২০১৯ ত প্ৰায় একেই আছে।

এই ৰাজ্যখনতো প্ৰতিদ্বন্দিতা কৰি আহিছে সৰু সৰু ৰাজনৈতিক দলসমূহে। এই ৰাজনৈতিক দলসমূহে বহু বেছি ভোট লাভ নকৰিলেও তেওঁলোকে লাভ কৰা ভোটক একত্ৰিত কৰিলে এটা ভাল সংখ্যাই হয়।

এনে প্ৰেক্ষাপটত কংগ্ৰেছে উত্তৰ প্ৰদেশত কেৱল সমাজবাদী পাৰ্টী আৰু দিল্লী, হাৰিয়ানা, গুজৰাটৰ দৰে বিজেপিৰ শক্তিশালী ভেটি থকা ৰাজ্যত অকল আপৰ সৈতে আসন বুজাবুজি কৰিয়েই সন্তুষ্ট থাকে নে আন আন দলসমূহকো সমানে গুৰুত্ব দি বুজাবুজিত উপনীত হয় সেয়া হ'ব লক্ষ্যণীয়।

৪ ৰাজ্যৰ আসন বুজাবুজি চূড়ান্তঃ কি ভুল কৰিছে বিৰোধীয়ে?
গাড়ী সলনি কৰিও ৰক্ষা নহ'লঃ ১০ দিনত দুটা দুৰ্ঘটনা, ৩৬ বছৰ বয়সতে মৃত্যু বিধায়িকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in