গাড়ী সলনি কৰিও ৰক্ষা নহ'লঃ ১০ দিনত দুটা দুৰ্ঘটনা, ৩৬ বছৰ বয়সতে মৃত্যু বিধায়িকাৰ

বি আৰ এছৰ বিধায়িকা লাচিয়া নন্দিতাৰ মৃত্যুত দেশজুৰি শোক
গাড়ী সলনি কৰিও ৰক্ষা নহ'লঃ ১০ দিনত দুটা  দুৰ্ঘটনা, ৩৬ বছৰ বয়সতে মৃত্যু বিধায়িকাৰ
গাড়ী সলনি কৰিও ৰক্ষা নহ'লঃ ১০ দিনত দুটা দুৰ্ঘটনা, ৩৬ বছৰ বয়সতে মৃত্যু বিধায়িকাৰ

ডিজিটেল ডেস্কঃ মাত্ৰ ৩৬ বছৰ বয়সতে মৃত্যু হ'ল এগৰাকী বিধায়িকাৰ। ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছৰ বিধায়িকা জি লাচিয়া নন্দিতাৰ শুকুৰবাৰে হায়দৰাবাদত মৃত্যু হয়। এক পথ দুৰ্ঘটনাত পতিত হৈ লাচিয়া নন্দিতাৰ মৃত্যু হোৱাত শোকৰ ছাঁ পৰিছে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত।

উল্লেখ্য যে, মাত্ৰ ১০ দিন পূৰ্বে আন এক পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল এইগৰাকী বিধায়িকা। সেইবাৰ তেওঁৰ লগত থকা দেহৰক্ষীজনৰ মৃত্যু হৈছিল যদিও সামান্য আঘাতপ্ৰাপ্ত হৈয়ে ৰক্ষা পৰিছিল নন্দিতা।

১৩ ফেব্ৰুৱাৰীত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ এক ৰেলীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে বিধায়িকা নন্দিতাৰ বাহনত খুন্দা মাৰিছিলহি আন এখন বাহনে। সুৰা সেৱন কৰি বাহন চলাই অহা চালকজনে নালগোণ্ডাৰ ওচৰত বিধায়িকাগৰাকীৰ বাহনত খুন্দা মাৰিছিল।

এই ঘটনাৰ পাছতে নন্দিতাই সলনি কৰিছিল তেওঁৰ বাহনখন। ক্ৰয় কৰিছিল এখন নতুন বাহন। কিন্তু নন্দিতাৰ দুৰ্ভাগ্য ১৩ ফেব্ৰুৱাৰীতে অন্ত পৰা নাছিল। ২৩ ফেব্ৰুৱাৰীত তেওঁৰ বাবে অপেক্ষা কৰি আছিল চৰম দুৰ্ভাগ্যই।

২৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে হায়দৰাবাদৰ উপকণ্ঠ চেংগেৰ্ডি জিলাৰ আউটাৰ ৰিং ৰোডত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় নন্দিতা। চেকেন্দ্ৰাবাদ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা নন্দিতাই মাত্ৰ ৩৬ বছৰ বয়সতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে।

জানিব পৰা মতে তেওঁৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নন্দিতাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ চালকগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আচৰিত ধৰণে নন্দিতা বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা কেইবাটাও দুৰ্ঘটনাৰ সন্মুখীন হৈছে। ১৩ ফেব্ৰুৱাৰীৰ দুৰ্ঘটনাৰ পূৰ্বে লিফ্ট বিকল হৈয়ো তেওঁ দুৰ্ঘটনাত পতিত হৈছিল।

এটা অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ তেওঁ আন কেইবাজনো লোকৰ সৈতে এটা লিফ্টত আৱদ্ধ হৈ পৰিছিল। সেই দুৰ্ঘটনাত তেওঁলোকক সুৰক্ষিতভাৱেই উদ্ধাৰ কৰা হৈছিল। যোৱা দুটা মাহত তেওঁ ৩ টাকৈ দুৰ্ঘটনাৰ সন্মুখীন হৈছে।

পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিলৈ আহিছিল লাচিয়া নন্দিতা। তেওঁৰ পিতৃ প্ৰয়াত জি ছায়ান্নাৰ যোৱা বছৰৰ ফেব্ৰুৱাৰীতেই মৃত্যু হৈছিল। ইয়াৰ পাছত তেওঁ পিতৃক অনুসৰণ কৰি ৰাজনীতিলৈ আহিছিল।

যুৱ ৰাজনীতিবিদগৰাকীৰ মৃত্যুত বি আৰ এছৰ নেতা-কৰ্মীসকল মৰ্মাহত হৈ পৰিছে। শেহতীয়াকৈ তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বি আৰ এছৰ নতুন মুখ হিচাপে পৰিগণিত হৈছিল।

তেওঁৰ মৃত্যুত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এক্সৰ জৰিয়তে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে- "নন্দিতাৰ পিত স্বৰ্গীয় ছায়ান্নাৰ সৈতে মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। যোৱা বছৰ একে মাহত তেওঁৰ মৃত্যু হৈছিল... এয়া বৰ দুখজনক যে নন্দিতাৰো একে মাহত আকস্মিকভাৱে মৃত্যু হৈছে। তেওঁলোকৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা... মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁৰ আত্মাক শান্তি দিয়ক।''

গাড়ী সলনি কৰিও ৰক্ষা নহ'লঃ ১০ দিনত দুটা  দুৰ্ঘটনা, ৩৬ বছৰ বয়সতে মৃত্যু বিধায়িকাৰ
মুখ্যমন্ত্ৰীৰ ঘোষণা- ঘূৰাই দিব নালাগে সুদৰ টকাঃ কিন্তু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in