
ডিজিটেল ডেস্কঃ চলিত বছৰতে দেশত অনুষ্ঠিত হ'ব ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই পাচোখন ৰাজ্যৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলবোৰে পৰ্যায়ক্ৰমে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
তাৰ মাজতে কংগ্ৰেছে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
ছত্তীশগড়ৰ নিৰ্বাচনৰ বাবে ৩০ জনীয়া প্ৰাৰ্থী তালিকা আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে ৫৫ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
মধ্যপ্ৰদেশঃ ২৩০ গৰাকী সদস্যৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰথম পৰ্যায়ত মুঠ ১৪৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। যাৰ ভিতৰত আছে কংগ্ৰেছৰ বহু কেইজন হেভিৱেইট প্ৰাৰ্থীৰ নাম।
ৰাজ্যখনত দলটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথক ছিন্দৱাৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙক ৰাগিগাথ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেওঁ যোৱা কমল নাথ চৰকাৰৰ এগৰাকী মন্ত্ৰীও আছিল ।
তেলেংগানাঃ ১১৯ খন বিধানসভা আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত ৫৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইসকলৰ প্ৰাৰ্থীৰ ভিতৰত আছে কেইবাজনো হেভিৱেইট প্ৰাৰ্থী।
ৰাজ্যখনত দলটোৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অনুমালা ৰেৱন্ত ৰেড্ডীক কোদাংগল বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে চিএলপি নেতা ভাট্টি বিক্ৰমাৰ্কা মাল্লুক মাধিৰা-এছচি আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
ছত্তীশগড়ঃ ৰাজ্যখনত মুঠ বিধানসভা আসনৰ সংখ্যা ৯০ খন। ইয়াৰ বাবে কংগ্ৰেছে প্ৰথম পৰ্যায়ত ৩০ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। প্ৰথমখন তালিকাত ছত্তীশগড়ত কংগ্ৰেছে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক তেওঁৰ পাটন বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
দলটোৱে উপ মুখ্যমন্ত্ৰী টি এছ সিং দেওক অম্বিকাপুৰ বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । উল্লেখ্য যে ছত্তীশগড় বিধানসভা নিৰ্বাচন ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ।