আগন্তুক নিৰ্বাচনৰ বাবে সাজু অন্তৰ্কন্দলেৰে জৰ্জৰিত কংগ্ৰেছ...

হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ নিৰ্বাচনত জয় লাভ কৰাৰ পাছত কংগ্ৰেছে এতিয়া আগন্তুক বছৰত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোটৰ আধাৰ শক্তিশালী কৰাৰ বাবে চেষ্টা চলাইছে।

author-image
Asomiya Pratidin
New Update
 আগন্তুক নিৰ্বাচনৰ বাবে সাজু অন্তৰ্কন্দলেৰে জৰ্জৰিত কংগ্ৰেছ...

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ নিৰ্বাচনত জয় লাভ কৰাৰ পাছত কংগ্ৰেছে এতিয়া আগন্তুক বছৰত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোটৰ আধাৰ শক্তিশালী কৰাৰ বাবে চেষ্টা চলাইছে। তাৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আন ৰাজ্যসমূহত দলটোৰ ভেটি শক্তিশালী কৰাৰ বাবে চেষ্টা চলাইছে।

দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ ২৪ মে'ত তেলেংগানা, মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ নেতাসকলক লৈ এখন বৈঠক আহ্বান কৰিছে। এই বৈঠকত কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে সভাপতিত্ব কৰিব। দলৰ জ্যেষ্ঠ নেতা সকলৰ মাজত বিভিন্ন পদক লৈ সৃষ্টি হোৱা অন্তৰ্কন্দলৰ মাজত এই বৈঠক অতি গুৰুত্বপূৰ্ণ।

কেইবাখনো ৰাজ্যত কংগ্ৰেছৰ অন্তৰ্কন্দল দেখিবলৈ পোৱা গৈছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয় লাভ কৰাৰ ৪ দিন পাছতহে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰে কংগ্ৰেছে। ডিকে শিৱকুমাৰ আৰু চিদ্দাৰামায়াৰ মাজত চলি থকা যুঁজ খনৰ মাজতে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় চিদ্দাৰামায়া। আনহাতে ৰাজস্থানতো একেই অৱস্থা। শচীন পাইলটে নিজৰ দলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। শচীন পাইলট আৰু অশোক গেহলটৰ মাজৰ যুঁজখন শেষ হোৱাৰ নামেই লোৱা নাই। গতিকে এই বৈঠকত কি কি বিষয়ে স্থান লাভ কৰিব এয়া হব লক্ষণীয়।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিৱস উদযাপন

sonia gandhi congress