অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিৱস উদযাপন

চিংফৌ চাহ খেতিয়কসহ নব্বৈ ঊৰ্ধ্বৰ ক্ষুদ্ৰ চাহ খেতিয়কক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিৱস উদযাপন

অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিৱস উদযাপন

ডিজিটেল সংবাদ,যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তর্জাতিক চাহ দিৱস উদযাপন। 'অসমৰ চাহ' উদ্যোগৰ দ্বি-শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি দেওবাৰে আয়োজন কৰা হয় "চাহৰ গুনগত মান বৃদ্ধি আৰু কীটনাশক দ্ৰব্যৰ নিৰাপদ প্ৰয়োগ " শীৰ্ষক বক্তৃতানুষ্ঠান।

Advertisment

অনুষ্ঠানত ভাগলৈ বিশিষ্ট চাহ বিজ্ঞানী ড০ অমৃত চন্দ্ৰ বৰবৰাই কয় যে "চাহৰ পাত গুণগত মানৰ নহ'লে ভাল চাহ পাব নোৱাৰি। ছিঙা পাতৰ ভাল বেয়া অনুপাতৰ ওপৰতে চাহৰ মান নিৰ্ভৰ কৰে। চাহৰ গুণগত মানদণ্ড অক্ষুন্ন ৰাখিবলৈ হ'লে চাহবাগিচাত পাত উৎপাদন পৰ্যায়তে অধিক গুৰুত্ব দিব লাগিব।'

লগতে তেওঁ কয় যে অসমৰ চাহ বিশ্বব্যাপি গুণমানৰ বাবে সমাদৃত। চাহৰ গুণমান নিৰ্ভৰ কৰে প্ৰকৃততে চাহ কিমান সুৰক্ষিত তাৰ ওপৰতে। সেয়ে অপতৃণনাশক, কীটনাশক যথোচিত ব্যৱহাৰ কৰি চাহৰ গুণমান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰা উচিত। জৈৱিকভাৱে খেতি কৰাটো অতি উত্তম। বাণিজ্যিকভাৱে জৈৱিক খেতি কৰি কেনেকৈ অধিক উৎপাদন কৰিব পাৰি তাৰ চেষ্টা কৰা উচিত।

অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই কয় যে "২০০ বছৰে আমি চাহক লৈ গৌৰৱান্বিত। চাহৰ বজাৰত পৰিবৰ্তন আহিছে। গুণগত মান ৰাখিব নোৱাৰিলে বজাৰ ৰাখিব নোৱাৰিম। গুণগত মান কেনেকৈ অধিক ভাল কৰিব পাৰি তাৰ চেষ্টা কৰিব লাগিব। চাহৰ ক্ষেত্ৰতো প্ৰাকৃতিক কৃষিৰ ব্যৱহাৰৰ কেনেকৈ অধিক কৰিব পাৰি সেই সম্পৰ্কে গৱেষণা হ'ব লাগে।"

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড০ জয়ন্ত ডেকাই আদৰণি ভাষণত অসমৰ চাহ খেতিৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰ বিষয়ে প্ৰকাশ কৰে। চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ড০ গৌতম শইকীয়াই উদ্দেশ্যে বাখ্যাত অসমৰ চাহ খেতিৰ বিপ্লৱৰ সূচনা কৰা সকলক সোঁৱৰণ কৰি চাহৰ গুণগত মান বৃদ্ধিৰ বাবে শিক্ষা প্ৰদান আৰু প্ৰশিক্ষণৰ জৰিয়তে বিভাগটোৱে গ্ৰহণ কৰা পৰিক্ৰমাৰ বিষয়ে প্ৰকাশ কৰে।

আনহাতে উক্ত অনুষ্ঠানত অসমৰ চাহৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰ ঐতিহ্য বহনকাৰী চিংফৌ ৰজা পৰিয়াল, প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানৰ পৰিয়াল,প্ৰাক্তন কৃষি মন্ত্রী প্ৰয়াত সোনেশ্বৰ বৰাৰ পৰিয়াল আৰু অসমৰ মুঠ উৎপাদনৰ অৰ্ধেক চাহ উৎপাদন কৰা সমূহ ক্ষুদ্র চাহ খেতিয়কৰ ভিতৰত বয়োজ্যেষ্ঠ চাহ খেতিয়কক সম্বৰ্ধনা জনোৱা হয়। সভাত খেতিয়কসকলৰ সম্প্ৰসাৰণ পুস্তিকা এখনো উন্মোচন কৰা হয়।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰা, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপিকা ড০ অদিতি গগৈয়ে বক্তব্য আগবঢ়োৱা সভাখনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ আৰ কে সিং,অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড০ মৃদুল ডেকা,তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা,প্ৰহ্লাদ তাছা প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু ৪ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে ।

সভাৰ পাছত সজাগতা অভিযানৰ বাবে খেতিয়ক,শিক্ষক, ছাত্র, শ্ৰমিক আৰু চাহ উদ্যোগৰ বিভিন্নজনৰ সৈতে গাড়ীলৈ এক শোভাযাত্রা উলিওৱা হয়।

Also Read: দিশপুৰত জীৱনী সাহিত্য সন্মিলন

world tea day