লোকসভাত বিৰোধী সাংসদৰ ড্ৰেছ ক'ড ক'লা- কিন্তু কিয়?

হঠাৎ সংসদ হৈ পৰিল ক'লা আৰু ক'লা। সংসদলৈ বিৰোধীয়ে পৰিধান কৰি আহিল ক'লা বস্ত্ৰ। পিছে এইয়া কোনো ফেশ্ব্যন নহয়
লোকসভাত বিৰোধী সাংসদৰ ড্ৰেছ ক'ড ক'লা- কিন্তু কিয়?

ডিজিটেল ডেস্ক: হঠাৎ সংসদ হৈ পৰিল ক'লা আৰু ক'লা। সংসদলৈ বিৰোধীয়ে পৰিধান কৰি আহিল ক'লা বস্ত্ৰ। পিছে এইয়া কোনো ফেশ্ব্যন নহয়। এইয়া আছিল এক প্ৰকাৰৰ প্ৰতিবাদ। সংসদত বিৰোধী দলে কৰা এক প্ৰতিবাদ।

সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি যাত্ৰা কংগ্ৰেছ সাংসদৰ। শেহতীয়া ৰাহুল গান্ধী বিতৰ্কই দেশ জোকাৰি থকাৰ সময়তে আজি সংসদসলৈ ক'লা কাপোৰ পৰিধান কৰি আহিল কংগ্ৰেছী সাংসদসকল। অৱশ্যে মাত্ৰ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ নহয় আদানি গ্ৰুপৰ বিতৰ্কৰ বাবেও এই সিদ্ধান্ত লয় কংগ্ৰেছী সাংসদ তথা লোকসভাৰ বিৰোধী সদস্যসকলে।

সোমবাৰে লোকসভাৰ বিৰোধী সদস্যসকলে ক'লা কাপোৰ পিন্ধি উত্তাল কৰে পৰিৱেশ। তদুপৰি কংগ্ৰেছৰ দুজন সাংসদে অধ্যক্ষৰ ফালে কাগজ দলিওৱা ঘটনাই এতিয়া জোকাৰিছে ৰাজনৈতিক মহলক। এই ঘটনাৰ লগে লগে সোমবাৰে আবেলি ৪ বজালৈকে স্থগিত ৰখা হয় সদন। লোকসভাৰ বিৰোধী সদস্যসকলে ক'লা কাপোৰ পৰিধান কৰা সিদ্ধান্তৰ আঁৰৰ মূল কাৰণ হ'ল শেহতীয়াকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ ঘটনা।

লোক সভাৰ সদস্য সকলে ইয়াৰ সমান্তৰালকৈ আদানি গ্ৰুপৰ কেলেংকাৰীৰ সন্দৰ্ভতো প্ৰতিবাদ সাব্যস্ত কৰে। লোকসভাৰ সদস্য সকলে এই সন্দৰ্ভত ইডিকো প্ৰত্যাহ্বান জনাই কয় যে, শাসকীয় চৰকাৰলৈ ভয় কৰিহে ইডিয়ে আদানি গ্ৰুপৰ কেলেংকাৰীৰ সন্দৰ্ভত কোনো জেৰা বা তদন্ত চলোৱা নাই।

লোকসভাত বিৰোধী সাংসদৰ ড্ৰেছ ক'ড ক'লা- কিন্তু কিয়?
নাট্য: কিয় বিশেষ আজিৰ দিনটো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in