ৰুণাশ্ৰী শইকীয়াক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্বয়কৰ দায়িত্বঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ পৰ্যবেক্ষক নিযুক্তি...

ৰুণাশ্ৰী শইকীয়াক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্বয়কৰ দায়িত্বঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ পৰ্যবেক্ষক নিযুক্তি...

author-image
Asomiya Pratidin
New Update
ৰুণাশ্ৰী শইকীয়াক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্বয়কৰ দায়িত্বঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ পৰ্যবেক্ষক নিযুক্তি...

ৰুণাশ্ৰী শইকীয়াক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্বয়কৰ দায়িত্বঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ পৰ্যবেক্ষক নিযুক্তি...

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ মুঠ ৫ খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়, তেলেংগনা, মিজোৰাম- এই ৫ ৰাজ্যৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলবোৰৰ মাজত ব্যাপক প্ৰস্তুতি চলিছে।

আৰম্ভ হৈছে নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান। তাৰ মাজতে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে ৫ খন ৰাজ্যৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নিযুক্তি দিছে কেইবাগৰাকীও পৰ্যবেক্ষক। সেই অনুসৰি ৰাজস্থানৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে মধুসুধন মিস্ত্ৰী আৰু শশীকান্ত ছেন্থলীক।

মধ্যপ্ৰদেশৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৰদ্বীপ সিং সূৰ্যেৱালা আৰু চনন্দ্ৰকান্ত হেন্দোৰক। একেদৰে ছত্তিশগড়ৰ দায়িত্ব দিয়া হৈছে প্ৰীতম সিং আৰু মিনাক্ষী নটৰাজনক।

তেলেংগনাৰ বাবে আকৌ এ আই চি চিয়ে এই দায়িত্ব প্ৰদান কৰিছে দীপা দাসমুঞ্চী আৰু ড০ ছিৰিভেল্লা প্ৰসাদক। আনহাতে উত্তৰ পূবৰ মিজোৰামৰ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে শশীন ৰাওক। ইয়াৰোপৰি অসমৰ ৰুণাশ্ৰী শইকীয়াৰ ওপৰত অৰ্পণ কৰা হৈছে ৰাষ্ট্ৰীয় সমন্বয়কৰ দায়িত্ব।

Also Read: নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচন, অভিনন্দন অনুষ্ঠান সম্পন্ন...

কংগ্ৰেছ বিধানসভা নিৰ্বাচন