এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত ২৩ ছেপ্টেম্বৰত বৈঠকঃ কংগ্ৰেছৰ বিৰোধিতা...

এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত ২৩ ছেপ্টেম্বৰত বৈঠকঃ কংগ্ৰেছৰ বিৰোধিতা...

author-image
Asomiya Pratidin
New Update
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত ২৩ ছেপ্টেম্বৰত বৈঠকঃ কংগ্ৰেছৰ বিৰোধিতা...

ডিজিটেল ডেস্কঃ এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৮ জনীয়া কমিটীৰ বৈঠক। ভূৱনেশ্বৰত শনিবাৰে এই কথা ঘোষণা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা এই কমিটীৰ অধ্যক্ষ ৰামনাথ কোবিন্দে।

Advertisment

২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত লোকসভা, বিধানসভা, পৌৰসভা, পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৮ জনীয়া কমিটীৰ সদস্যসকল। এই সন্দৰ্ভত অধ্যক্ষ ৰামনাথ কোবিন্দে উল্লেখ কৰা অনুসৰি সংবিধানৰ গণ্ডিৰ মাজত থাকি এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।ইয়াৰ বাবে কমিটীৰ সদস্যসকলৰ পৰামৰ্শ বিচৰা হ’ব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে এক দেশ এক নিৰ্বাচন ধাৰণা কাৰ্যকৰী কৰাৰ বাবে যোৱা ২ ছেপ্টেম্বৰত গঠন কৰিছিল এই কমিটী।

ইফালে শনিবাৰৰ পৰাই হায়দৰাবাদত আৰম্ভ হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ প্ৰথমখন বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ এক দেশ এন নিৰ্বাচনৰ ধাৰণাৰ ওপৰত আলোচনা হয়। এই ধাৰণাক কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে নাকচ কৰিছে।

Also Read: যোগীঘোপাৰ পাচনীয়াত নাও দুৰ্ঘটনা...

এক দেশ এক নিৰ্বাচন