/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b13c25d8-1837-4172-b9dc-c4fbbfc80ee0/jogighopa_16.jpg)
যোগীঘোপাৰ পাচনীয়াত নাও দুৰ্ঘটনা...
ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা।
এইবাৰ নাও দুৰ্ঘটনা সংঘটিত হ'ল যোগীঘোপাৰ পাচনীয়াত।
মানাহ নৈত দুৰ্ঘটনাৰ সন্মুখীন হ'ল ইঞ্জিন চালিত যাত্ৰীবাহী নাওঁ।
কাবাইটাৰী বজাৰৰ পৰা উভতাৰ পাছতে সংঘটিত হয় এই দুৰ্ঘটনা।
নাওখনত আছিল শিশু মহিলাসহ ৩৫ গৰাকী যাত্ৰী।
নাওখনত আছিল বহু কেইটা পশুধনো।
দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে মাছমৰীয়াৰ নাৱে।
সৌভাগ্যক্ৰমে ৰক্ষা পৰে নাওখনৰ সকলো যাত্ৰী।
মানাহ নৈৰ মাজত থকা এটা প্ৰকাণ্ড শিলত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
Also Read: 'সপোনৰ সদাগৰৰ সন্ধানত' উপন্যাসৰ বাবে গুৰমাইল সিঙলৈ সাহিত্য বঁটা...