মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

author-image
Asomiya Pratidin
New Update
মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত সেৱা আগবঢ়োৱাৰ উদেশ্যে উপস্থিত হৈছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। জাতীয় সাজ পৰিধান কৰি কীৰ্তন ঘৰত প্ৰৱেশ কৰি ভকত বৈষ্ণৱৰ আশীৰ্বাদ লৈ আজি মনোনয়ন দাখিল কৰিব নগাঁৱৰ প্ৰাৰ্থী বৰদলৈয়ে বটদ্ৰৱা থানৰ পৰা যাত্ৰা আৰম্ভ কৰিছে।

Advertisment

কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে নিজকে ধন্য বুলি ভাবিছে, কাৰণ তেওৰ সাংসদীয় সমষ্টিৰ অন্তৰ্গত হৈছে বটদ্ৰৱা থান খনি। লগতে আজি সকলো মিত্ৰ দলৰ কৰ্মী সকলৰ উপস্থিতিত বটদ্ৰৱা থানত সেৱা লৈ, তেওঁ আত্মবিশ্বাসী বুলি মন্তব্য কৰে।

Also Read: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

loksabha election congress