মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু...

মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু...
মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু...

ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত মধ্যপ্ৰদেশ নিৰ্বাচনত এগৰাকী কংগ্ৰেছ কৰ্মী মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে হত্যাৰ গোচৰ। ৰাজ্যখনৰ ছত্ৰপুৰত সংঘটিত হৈছিল এই ঘটনা। আৰক্ষীয়ে এই সন্দৰ্ভত ছত্ৰপুৰৰ ৰাজনগৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থিগৰাকী বিৰুদ্ধে ৰুজু কৰিছে হত্যাৰ গোচৰ।

সোমবাৰে ছত্ৰপুৰৰ এগৰাকী আৰক্ষী বিষয়াই এই সন্দৰ্ভত প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি দেওবাৰে কংগ্ৰেছ কৰ্মীগৰকীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থিগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ।

উল্লেখ্য যে, ১৭ নৱেম্বৰ শুকুৰবাৰে ৰাজ্যখনৰ ২৩০ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ মাজতে ৰাজ্যখনৰ বিভিন্নস্থানত সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা।

তাৰ মাজতে দিনৰ ঠিক ২ বজাত ছত্ৰপুৰ জিলাৰ ৰাজনগৰ সমষ্টিতো বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থি বিক্ৰমজিত সিং নাটিৰাজা আৰু বিজেপি প্ৰাৰ্থি অৰবিন্দ পাটেৰিয়াৰ সমৰ্থকৰ মাজত সৃষ্টি হোৱা এই সংঘাতৰ মাজতে কংগ্ৰেছ কৰ্মীগৰাকীৰ দেহৰ ওপৰেদি কেইবাখনো বাহন পাৰ হৈ যায়। ফলত তেওঁৰ মৃত্যু হয়। মৃত্যু হোৱা কংগ্ৰেছ কৰ্মীগৰাকীৰ নাম চলমান খান।

মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু...
৩৭১ কোটিৰ দুৰ্নীতিৰ গোচৰত জে'ললৈ যোৱা চন্দ্ৰবাবু নাইডুলৈ স্থায়ী জামিন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in