/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/81cf8b0b-4f55-499a-bf6f-20b91cd00ea4/rahul_gandhi_21.jpg)
তেলেংগানাৰ পদপথৰ চাহৰ দোকানত ৰাহুল গান্ধী...
ডিজিটেল ডেস্কঃ তেলেংগানাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকৰ সৈতে মতবিনিময় অব্যাহত ৰখাৰ লগতে সৰ্বস্তৰৰ জনতাৰ হৃদয়ত স্থান ল'বলৈ চেষ্টা অব্যাহত আছে। শেহতীয়াকৈ ভাৰত জোড়ো যাত্ৰাৰ পাছত প্ৰায়ে সাধাৰণ শ্ৰেণীৰ মাজত থকা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে শুকুৰবাৰে তেলেংগানাত তেনে এক দৃশ্যই পুনৰ দেখিবলৈ পোৱা গ’ল। ৰাজ্যখনৰ নিজামাবাদ জিলাৰ পদগল গাঁৱত দেখা গ'ল ৰাহুল গান্ধীক এক পদপথৰ চাহৰ দোকানত।
পদপথৰ চাহৰ দোকানখনত বহি ৰাহুলে সেই স্থানৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে। একেসময়তে তাত থকা কেইবাটাও শিশুৰ সৈতেও কিছু সময় পাৰ কৰে কংগ্ৰেছ নেতাজনে। সেই সময়ত ৰাহুল গান্ধীক সংগ দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগপালে।
Also Read: জু-ৰোড উৰণ সেতুত দুৰ্ঘটনাঃ সুৰামত্ত চালকৰ অতপালিত ক্ষতি হ'ল আটকধুনীয়া স্মাৰক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us