জু-ৰোড উৰণ সেতুত দুৰ্ঘটনাঃ সুৰামত্ত চালকৰ অতপালিত ক্ষতি হ'ল আটকধুনীয়া স্মাৰক...

জু-ৰোড উৰণ সেতুত দুৰ্ঘটনাঃ সুৰামত্ত চালকৰ অতপালিত ক্ষতি হ'ল আটকধুনীয়া স্মাৰক...
জু-ৰোড উৰণ সেতুত দুৰ্ঘটনাঃ সুৰামত্ত চালকৰ অতপালিত ক্ষতি হ'ল আটকধুনীয়া স্মাৰক...
Published on
Updated on

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে নিশাৰ মহানগৰীত সংঘটিত হ'ল এক ভংকৰ দুৰ্ঘটনা। নৱ নিৰ্মিত জুৰোড উৰণসেতুত সংঘটিত হ'ল এই দুৰ্ঘটনা।

উৰণ সেতুখনৰ গীতানগৰ দিশৰ পৰা অহা অংশই মূল উৰণসেতুখনৰ যি স্থানত সংযোগ কৰিছে সেই সংযোগস্থলীতে নিৰ্মাণ কৰা হৈছিল এটা সুন্দৰ স্মাৰক। অসমৰ মানচিত্ৰ আৰু ঐতিহ্যবহনকাৰী এই স্মাৰকটোতে প্ৰচণ্ড বেগেৰে আহি এখন বাহনে খুন্দা মাৰে।

ফলত বাহনখনৰ লগতে স্মৰাকটোৰ যথেষ্ট ক্ষতি হয়। স্মৰাকটোৰ সৈতে স্থাপন কৰা ক্ষুদ্ৰ উদ্যানখনৰ ৰেলিঙ আৰু পকী অংশৰো ক্ষতি হৈছে।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এই বাহনখন চানমাৰি দিশৰ পৰা তীব্ৰ বেগেৰে আহি এই দুৰ্ঘটনা সংঘটিত কৰে। এই দুৰ্ঘটনাৰ পাছতে আৰক্ষীয়ে আটক কৰিছে চালকগৰাকীক।

আৰক্ষীৰ ভাষ্য অনুসৰি সুৰামত্ত অৱস্থাত আছিল চালকগৰাকী। আটক কৰা চালকগৰাকীৰ ঘৰ হিমাচল প্ৰদেশত।

বহানখনৰ চালকৰ লগতে আৰক্ষীয়ে আন এজন আৰোহীকো আটক কৰিছে। দুৰ্ঘটনাটোৰ ফলত এগৰাকী গৃহৰক্ষী জোৱান আৰু আন এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

জু-ৰোড উৰণ সেতুত দুৰ্ঘটনাঃ সুৰামত্ত চালকৰ অতপালিত ক্ষতি হ'ল আটকধুনীয়া স্মাৰক...
ঘিলামৰাত আইৰন টেবলেট খাই ৩ছাত্ৰ অসুস্থ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in