লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱঃ মোডীক সমালোচনা সাংসদ গৌৰৱ গগৈৰ...

লোকসভাত আৰম্ভ হৈছে অনাস্থা প্ৰস্তাৱৰ আলোচনা। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱৰ আৰাম্ভণীত বক্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱঃ মোডীক সমালোচনা সাংসদ গৌৰৱ গগৈৰ...

ডিজিটেল ডেস্কঃ লোকসভাত আৰম্ভ হৈছে অনাস্থা প্ৰস্তাৱৰ আলোচনা। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱৰ আৰাম্ভণীত বক্তব্য কৰে। মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কৰে গগৈয়ে।

Advertisment

তেওঁ কয় যে, মণিপুৰৰ ন্যায় গুৰুত্বপূৰ্ণ। মণিপুৰে আজি ন্যায়ৰ দাবী কৰিছে। প্ৰতিগৰাকী নাৰী, শিক্ষাৰ্থীসকলে ন্যায় দাবী কৰে। প্ৰধানমন্ত্ৰী মণিপুৰলৈ কিয় যোৱা নাই ? মণিপুৰৰ ওপৰত কথা পাতিবলৈ কিয় ৮০ দিন লাগিল আৰু সেয়াও মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে ? বহু ঠাইত মুখ্যমন্ত্ৰী সলনি হৈছিল, মণিপুৰত কিয় নহয়?

তেওঁ কয় যে, দুটা সম্প্ৰদায়ৰ মাজত কেতিয়াও এনে বিভাজন দেখা নাই। আপোনালোকৰ ৰাজনীতিয়ে মণিপুৰক দুখন বনাই দিলে। ভিডিঅ' ভাইৰেল নোহোৱাহেতেন মোডীয়ে এটা শব্দও নক'লেহেতেন।

গগৈয়ে কয় যে "বিৰোধীয়ে বিচাৰিছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে সদনত মণিপুৰ সন্দৰ্ভত এটা বিবৃতি দিব। কিন্তু তেওঁ নীৰৱ হৈ থাকিল। এই অনাস্থা প্ৰস্তাৱ আমাৰ বাধ্যবাধকতা। এয়া কেতিয়াও সংখ্যাৰ বিষয়ে নাছিল কিন্তু মণিপুৰৰ বাবে ন্যায় সম্পৰ্কে আছিল।"

উল্লেখ্যে যে, মণিপুৰৰ ঘটনা সন্দৰ্ভত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰিছে যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো বক্তব্য ৰখা নাই।

Also Read: কৰিমগঞ্জৰ পথ দুৰ্ঘটনাত নিহত ২, আহত কেইবাজনো...

manipur GOURAV GOGOI