কৰিমগঞ্জৰ পথ দুৰ্ঘটনাত নিহত ২, আহত কেইবাজনো...

কৰিমগঞ্জত সোমাবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্রাকত খুন্দা এখন অটোৰিক্সাৰ। যাৰ ফলত দুৰ্ঘটনাত থিতাতে নিহত ২, আহত ৫জন যাত্রী।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল ডেস্কঃ কৰিমগঞ্জত সোমাবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্রাকত খুন্দা এখন অটোৰিক্সাৰ। যাৰ ফলত দুৰ্ঘটনাত থিতাতে নিহত ২, আহত ৫জন যাত্রী।

Advertisment

থিতাতে মৃত্যু ৰাধা ৰঞ্জন দাস নামৰ এজন যাত্রী। আনহাতে চিকিৎসাধীন অৱস্থাত মৃত্যু অটোচালক অপু শুক্লবৈদ্য নামৰ আন এজন।

সংকটজনক অৱস্থাত আহতসকলক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। আহতসকল ক্রমে সঞ্জু দাস, ঝুনু দাস, ৰাজেন দাস,মাম্পী দাস আৰু ৰাজদ্বীপ দাস।

ঘটনাৰ পাছতে পলায়ন কৰে ট্রাকচালকে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ

road accident