'ফ্লাইং কিছ' দিলে যুৱতীক দিব, ৫০ বছৰীয়া মহিলাক কিয় দিব: কংগ্ৰেছ নেত্ৰী

সদনৰ পৰা ওলাই অহাৰ সময়ত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক 'ফ্লাইং কিছ' দিয়া বিতৰ্ক এতিয়াও মাৰ যোৱা নাই

author-image
Asomiya Pratidin
New Update
'ফ্লাইং কিছ' দিলে যুৱতীক দিব, ৫০ বছৰীয়া মহিলাক কিয় দিব:  কংগ্ৰেছ নেত্ৰী

ডিজিটেল ডেস্কঃ সদনৰ পৰা ওলাই অহাৰ সময়ত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক 'ফ্লাইং কিছ' দিয়া বিতৰ্ক এতিয়াও মাৰ যোৱা নাই। ইয়াৰ মাজতে বিহাৰৰ এগৰাকী কংগ্ৰেছ বিধায়কে ৰাহুল গান্ধীৰ 'ফ্লাইং কিছ' সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক কটাক্ষ কৰি নীতু সিঙে কয়, আমাৰ নেতা ৰাহুল গান্ধীৰ বাবে মহিলাৰ কোনো অভাৱ নাই। যদি ৰাহুল গান্ধীয়ে ফ্লাইং কিছ দিব লগা হ'লহেঁতেন, তেন্তে তেওঁ এগৰাকী যুৱতীক দিলেহেতেন। তেওঁ এগৰাকী ৫০ বছৰীয়া মহিলাক কিয় ফ্লাইং কিছ দিব?

এই সকলো অভিযোগৰ কোনো ভিত্তি নাই বুলি কয় নিতু সিঙে। কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই ভাষ্য বিজেপিৰ এগৰাকী নেতাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। কংগ্ৰেছ নেত্ৰী গৰাকীৰ এই মন্তব্য এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে অভিযোগ কৰা অনুসৰি ৰাহুল গান্ধী সদনৰ পৰা বাহিৰলৈ অহাৰ সময়ত তেওঁক ফ্লাইং কিছ দিছিল। এই সন্দৰ্ভত শাসকীয় দলৰ মহিলা সংসদসকলে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি নেতাগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লবলৈ আহ্বান জনাইছিল। অৱশ্যে এই অভিযোগ মানি লোৱা নাই কংগ্ৰেছে।

Also Read: এতিয়াৰে পৰা ৰোগী বা পৰিয়ালে অপমান, হিংসাত্মক ঘটনা কৰিলে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিব পাৰিব চিকিৎসকে

congress rahul gandhi