নতুন দিল্লীত APCCৰ সভাপতিঃ নিৰ্বাচনী ৰণনীতি তৈয়াৰৰ বাবে সাজু কংগ্ৰেছ

নতুন দিল্লীত APCCৰ সভাপতিঃ নিৰ্বাচনী ৰণনীতি তৈয়াৰৰ বাবে সাজু কংগ্ৰেছ

ডিজিটেল ডেস্কঃ নতুন দিল্লীত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। খবৰ অনুসৰি ২০২৪ৰ ৰণনীতি সম্পৰ্কত বৈঠকত আলোচনা কৰাৰ যো-যা চলিছে দলীয় কৰ্মীৰ মাজত। যাৰ বাবে অহা ৫ আগষ্টত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু অসম কংগ্রেছৰ নেতৃত্বৰ সৈতে বৈঠকত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটিৱে।

নতুন দিল্লীত উপস্থিত হৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমত বিজেপিয়ে যিমান আসন পাম বুলি কৈছে সেয়া সঁচা নহয় বুলি মত ব্যক্ত কৰে। ৰমেন ডেকাৰ দৰে জ্যেষ্ঠ নেতা এতিয়া বিজেপিত এলাগী বুলি মন্তব্য কৰি সভাপতি ভূপেন বৰাই নিজৰ দলতেই সন্মান ভিক্ষা কৰিবলগীয়া হৈছে ৰমেন ডেকাৰ দৰে নেতাই বুলি কৈ বিজেপিক সমালোচনা কৰে।

লগতে, 'উত্তৰ প্রদেশৰ পিছতে ধৰ্ষণৰ গোচৰত ২য় স্থানত অসম আছে, ২০২৪ত বিজেপি শাসনলৈ নাহে, বিজেপি, আৰ এছ এছয়ে কি কয় সেয়া গুৰুত্বপূৰ্ণ নহয়, অসমৰ ৰাইজ মোৰ ভাগ্য বিধাতা, অসমৰ জনসাধাৰণৰ ওচৰতহে মই দায়বদ্ধ,
বিজেপিৰ সভাপতিৰ ব্যক্তিগত সহায়ক জড়িত ছিণ্ডিকেটত আছে আদি বিষয়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি বিজেপিক সমালোচনা কৰে।

নতুন দিল্লীত APCCৰ সভাপতিঃ নিৰ্বাচনী ৰণনীতি তৈয়াৰৰ বাবে সাজু কংগ্ৰেছ
মহানগৰীত নিখোজ বৰপেটাৰ কল্যাণময় গোস্বামী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in