চাকৰিত মহিলাৰ ৫০% সংৰক্ষণৰ পৰা শ্ৰমিকৰ বেতন বৃদ্ধিলৈঃ কি কি আছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত?

কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে জাৰি কৰা এই ইস্তাহাৰৰ নাম দিছে 'ন্যায় পত্ৰ' ।

author-image
Asomiya Pratidin
New Update
 চাকৰিত মহিলাৰ ৫০% সংৰক্ষণৰ পৰা শ্ৰমিকৰ বেতন বৃদ্ধিলৈঃ  কি কি আছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত?

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ শুকুৰবাৰে কংগ্ৰেছে জাৰি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে জাৰি কৰা এই ইস্তাহাৰৰ নাম দিছে 'ন্যায় পত্ৰ' ।

Advertisment

এই ন্য়য় পত্ৰত কংগ্ৰেছে জনতাক দিছে ৫টা ন্যায়, ২৫ টা গেৰান্টী। যদি দলটোৱে নিৰ্বাচনী জয়ী হয় তেন্তে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব বুলি জনাইছে। মালিকাৰ্জুন খাৰ্গে কৈছে যে এই নিৰ্বাচনী ইস্তাহাৰ দৰিদ্ৰ জনতাৰ বাবে উৎসৰ্গিত। তেওঁ কয় যে, কংগ্ৰেছৰ ন্যায় পত্ৰ কাম, ধন আৰু কল্যানৰ ওপৰত আধাৰিত। ইয়াত কাম মানে চাকৰি দিয়া।

কি কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত-

১) লাডাখত স্থিতি বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

২) চৰকাৰী চাকৰিত মহিলাসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ কৰাৰ বাবে সংবিধান সংশোধন।

৩) পিএচইউ আৰু চৰকাৰী চাকৰিত ঠিকাভিত্তিক চাকৰি স্থায়ী কৰা হ'ব।

৪) ব্যক্তিগত শিক্ষানুষ্ঠানসমূহত অনুসূচীত জাতি/ অনুসূচীত জনজাতি, অ'বিচি শ্ৰেণীক সংৰক্ষণ দিয়া হ'ব।

৫) শিক্ষাৰ্থীসকলক যিকোনো ধৰণৰ নিৰ্যাতনৰ পৰা সুৰক্ষিত কৰিবলৈ ৰোহিত ভেমুলাই জাতিৰ ভিত্তিত আইন আনিব।

৬) জ্যেষ্ঠ নাগৰিক, দিব্যাংগসকলৰ বাবে পেঞ্চন মাহে ১,০০০ টকালৈ বৃদ্ধি কৰা হ'ব।

৭) ডায়গনচিচ, অস্ত্ৰোপচাৰ, ঔষধ আৰু ৰাজহুৱা স্বাস্থ্য সেৱাৰ বাবে ২৫ লাখ টকালৈকে নগদবিহীন বীমাসহ বিনামূলীয়া স্বাস্থ্যসেৱা।

৮) দৰিদ্ৰ পৰিয়ালৰ বাবে মহালক্ষ্মী যোজনা আৰম্ভ কৰা হ'ব। য'ত তেওঁলোকক চৰ্তহীন ১ লাখ টকা দিয়া হ'ব।

৯) টকা বিতৰণ কৰাৰ আগতে ইয়াক কেনেকৈ আনিব পাৰি তাৰ ওপৰত কাম কৰা হ'ব।

১০) ৰাষ্ট্ৰব্যাপী সামাজিক-আৰ্থিক আৰু জাতি গননা কৰা হ'ব। য'ত জাতি, উপ-জাতি আৰু তেওঁলোকৰ আৰ্থিকস্থিতিৰ বিষয়ে গম পোৱা যাব।

১১) এছচি, এছটি আৰু অবিচিৰ সংৰক্ষণ ৫০ শতাংশলৈ বৃদ্ধি কৰা হ'ব।

১২) এছটি, এছচি আৰু অ'বিচিৰ বাবে সংৰক্ষিত সকলো পদ এবছৰৰ ভিতৰত নিয়োগ কৰা হ'ব।

১৩) ৩০ লাখ চৰকাৰী চাকৰি।

১৪) প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিবলৈ নতুন আইন প্ৰণনয়।

১৫) অংগনবাড়ী কেন্দ্ৰৰ কৰ্মচাৰী, আশা কৰ্মী আৰু মিড ডে মিলৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি।

১৬) কৰ্মৰত মহিলাসকলৰ বাবে হোষ্টেলৰ সংখ্যা দুগুণ বৃদ্ধি।

১৭) কৃষকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জিএছটি আঁতৰ কৰা হ'ব। লগতে স্বামীনাথন ফৰ্মূলাৰ সৈতে এমএছপিৰ ওপৰত আইনী গেৰাণ্টি দিয়া হ'ব।

১৮) শস্যৰ ক্ষতি হ'লে ৩০ দিনৰ ভিতৰত কৃষকক টকা দিয়া হ'ব।

১৯) শ্ৰমিকসকলৰ দৈনিত বেতন ৪০০ টকালৈ বৃদ্ধি । ইয়াক মনৰেগাৰ সৈতেও কাৰ্যকৰী কৰা হ'ব। নগৰঅঞ্চলৰ বাবেও এনে আঁচনি অনা হ'ব।

২০) অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিকসকলৰ বাবে জীৱন আৰু দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰা হ'ব।

২১) সাংবিধানিক সংশোধনীত ৫০ শতাংশৰ সীমা আঁতৰ কৰিব।

২২) তেওঁলোকৰ জনসংখ্যা অনুসৰি অনুসূচীত জাতি আৰু জনজাতিৰ বাবে বাজেট আৱণ্টন কৰা হ'ব।

২৩) ঘৰ নিৰ্মাণ, ব্যৱসায়, সম্পত্তি ক্ৰয় আদিৰ ক্ষেত্ৰত এছচি, এছটিৰ বাবে ঋণৰ পৰিমাণ বৃদ্ধি।

২৪) EWS সকলৰ বাবে সংৰক্ষণ।

২৫) যোৱা ১০ বছৰত হোৱা দুৰ্নীতিৰ তদন্ত।

ইয়াৰোপৰি কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত সংখ্যালঘূসকলৰ বাবে বিশেষ সুবিধাৰ কথা উল্লেখ কৰিছে। তাৰ বাবে সংবিধান পালন কৰা হ'ব বুলি উল্লেখ কৰিছে। বিদেশত অধ্যয়নৰ বাবে মৌলানা আজাদ বৃত্তি আঁচনি পুনৰুজ্জীৱিত কৰক আৰু বৃত্তিৰ সংখ্যা বৃদ্ধি কৰা হ'ব।

উল্লেখ্য যে, কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত যুৱ, কৃষক, নাৰীসকলৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছে। ন্য়ায়পালিকা সন্দৰ্ভতো উল্লেখ আছে কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰত। এই ন্য়ায় পত্ৰত কংগ্ৰেছে- অংশীদাৰৰ ন্য়ায়, যুৱ ন্যায়, কৃষক ন্যায় , নাৰী ন্যায় আৰু শ্ৰমিক ন্যায়ৰ কথা উল্লেখ কৰিছে।

Also Read: মৰিয়নিত তালাচীৰ নামত ফ্লাইংস্কাৱাড এচ এচ টিৰ ধন দাবীৰ অভিযোগ

rahul gandhi loksabha election sonia gandhi congress