বংগত মমতাৰে আৰু নহ'ব আলোচনাঃ সংসদতো কংগ্ৰেছ, টি এম চিৰ মাজত থাকিব দূৰত্ব

বংগত মমতাৰে আৰু নহ'ব আলোচনাঃ সংসদতো কংগ্ৰেছ, টি এম চিৰ মাজত থাকিব দূৰত্ব

author-image
Asomiya Pratidin
New Update
বংগত মমতাৰে আৰু নহ'ব আলোচনাঃ সংসদতো কংগ্ৰেছ, টি এম চিৰ মাজত থাকিব দূৰত্ব

বংগত মমতাৰে আৰু নহ'ব আলোচনাঃ সংসদতো কংগ্ৰেছ, টি এম চিৰ মাজত থাকিব দূৰত্ব

ডিজিটেল ডেস্কঃ বংগত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজৰ মিত্ৰতা প্ৰায় ইতি পৰিল। তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পূৰ্বেই ঘোষণা কৰিছে ৰাজ্যখনৰ ৪২ খন আসনৰ ক্ষেত্ৰত কোনো বুজাপৰা নহ'ব। তাৰ পাছতো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মমতা বেনাৰ্জীয়ে আলোচনাৰে এই বিষয়ে সমাধান সূত্ৰ উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

Advertisment

কিন্তু শেহতীয়াকৈ প্ৰাপ্ত খবৰ মতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বয়ো আৰু এতিয়া এই বিষয়ে কোনো কথা আলোচনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে সিদ্ধান্ত লৈছে, বংগত মমতা বেনাৰ্জী আৰু পঞ্জাৱত আপৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰিলেও এই দুই দলৰ সৈতে আৰু আলোচনা কৰা নহ'ব।

ইমান দিনে মিত্ৰতাক লৈ আশাবাদী হৈ আছিল কংগ্ৰেছ। দলটোৰ নেতৃত্বই আশা কৰিছিল, আলোচনাৰ মাধ্যমেৰে তৃণমূল কংগ্ৰেছৰ সৈতে আসন বুজাবুজিৰ সমস্যা সমাধান কৰা হ'ব। কিন্তু ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাত তৃণমূল কংগ্ৰেছৰ অসহযোগিতাই কংগ্ৰেছৰ মমতাৰ প্ৰতি থকা বিশ্বাস ভংগ কৰিছে।

সেয়ে বংগত মমতা আৰু পঞ্জাৱত আপৰ সৈতে আলোচনা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইমানেই নহয়, বুধবাৰৰ পৰা সংসদৰ বাজেট অধিৱেশনতো কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছে দূৰত্ব বজাই চলাৰ সিদ্ধান্ত লৈছে।

লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে তৃণমূল কংগ্ৰেছৰ সন্দৰ্ভত আক্ৰমণাত্মক হৈ উঠা পৰিলক্ষিত হৈছে। তেওঁ তৃণমূল কংগ্ৰেছত দুৰ্নীতিগ্ৰস্ত আখ্যা দি কয়, দুৰ্নীতিগ্ৰস্তক দুৰ্নীতিগ্ৰস্ত বুলি কৈছোঁ। কি ভুল কৈছো? ৰাজ্যৰ (পশ্চিমবংগ) চাকৰিত দুৰ্নীতি, শিক্ষকসকল দুৰ্নীতিৰ বাবে বঞ্চিত হৈছে। ৰেচন লাভ কৰা নাই। এইবোৰ কোৱাৰ কাৰণে যদি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ অনুমতি দিয়া হোৱা নাই, মোৰ বাবে যদি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক অনুমতি দিয়া নহয় তেন্তে আমি এৰি যাম। তেওঁৰ এই বক্তব্যক সমৰ্থন কৰিছে জয়ৰাম ৰমেশেও।

Also Read: বৰহোলাৰ বছা উচ্চ বুনিয়াদী বিদ্যালয়ত পাঁচখন বিদ্যালয়ৰ সামাজিক উৎসৱ উদযাপন

কংগ্ৰেছ লোকসভা নিৰ্বাচন মমতা বেনাৰ্জী