বৰহোলাৰ বছা উচ্চ বুনিয়াদী বিদ্যালয়ত পাঁচখন বিদ্যালয়ৰ সামাজিক উৎসৱ উদযাপন

বৰহোলাৰ বছা উচ্চ বুনিয়াদী বিদ্যালয়ত পাঁচখন বিদ্যালয়ৰ সামাজিক উৎসৱ উদযাপন

author-image
Asomiya Pratidin
New Update
বৰহোলাৰ বছা উচ্চ বুনিয়াদী বিদ্যালয়ত পাঁচখন বিদ্যালয়ৰ সামাজিক উৎসৱ উদযাপন

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বৰহোলাৰ বছা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি বছা উচ্চ বুনিয়াদী বিদ্যালয়ত এদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সামাজিক উৎসৱ উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পাঁচখন বিদ্যালয়ৰ পাতাকা উত্তোলন কৰে বছা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ৰমে প্ৰশান্ত পূজাৰী, দেৱ প্ৰতিম দাস, মীৰা বৰা, কবিতা বৰা আৰু দ্বীপজ্যোতি শইকীয়াই আৰু বৃক্ষ ৰোপন কৰে সাংস্কৃতিক কৰ্মী ৰিপুন বৰাই ।

Advertisment

আনহাতে পাঁচখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে উলিওৱা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শিল্পী মৃদুল বৰাই। প্ৰদৰ্শনী উন্মোচন কৰে মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী কবিতা বৰাই আৰু মঞ্চ উদ্বোধন কৰে সমল কেন্দ্ৰৰ সমন্বয়ক শচীন্দ্ৰ বৰাই।

আনহাতে বিদ্যালয়ৰ সামাজিক উৎসৱ কাৰ্যসূচীৰ সন্দৰ্ভত ভাষণ আগবঢ়াই তিতাবৰ তুৰুং মণ্ডলৰ সমন্বয়ক অৰুণ কাঁৱৰে। ভাষণত তেওঁ কয় যে আজি তাৰিখত অসমীয়া মানুহে নিজৰ সন্তানক বিদ্যালয়লৈ কিয় পঠাব লাগে বুজি পাইছে। কিন্তু বৰ্তমান নম্বৰ সৰ্বোচ্চ শিক্ষাই সমাজখনক স্খলিত কৰিছে। আজি সমাজত আমাৰ সন্তানে সৰ্বোচ্চ নম্বৰ পাই এছ পি, ডি চি হৈছে কিন্তু তেওঁলোকে দুৰ্নীতি কৰি জে'ললৈ যাব লগা হৈছে‌। আমাক সমাজৰ বাবে নম্বৰ সৰ্বোচ্চ শিক্ষাতকৈ মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজন।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মণ্টুচ্ কোঁৱৰ আৰু মুনমী লালিম শিক্ষক ৰজনী হাজৰিকা, মাধপুৰম সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাণজিত কাকতিয়ে। সাংস্কৃতিক অনুষ্ঠানটিৰ পৰিচালনা কৰে ৰিপুন বৰাই।

সামাজিক উৎসৱত মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, ছাত্ৰশালী প্ৰাথমিক বিদ্যালয়, গান্ধী বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়, কুমাৰভেটি প্ৰাথমিক বিদ্যালয় আৰু বছা উচ্চ বুনিয়াদী বিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃত্তি, গীত নৃত্য পৰিবেশন কৰি জীপাল কৰি তোলে।

Also Read: তেওঁলোক আছে মানে দেশ কুশলে আছেঃ থমকি নৰয় মূৰত পাহাৰ খহিলেও !

বৰহোলা বেকাজান