নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই আন্দোলন ঘোষণা কংগ্ৰেছ নেতাৰ...

নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই আন্দোলন ঘোষণা কংগ্ৰেছ নেতাৰ...

author-image
Asomiya Pratidin
New Update
নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই আন্দোলন ঘোষণা কংগ্ৰেছ নেতাৰ...

নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই আন্দোলন ঘোষণা কংগ্ৰেছ নেতাৰ...

ডিজিটেল ডেস্কঃ এশ এবুৰি সমস্যা আৰু বিপৰ্যয়ৰ পাছতো দক্ষিণ ভাৰতৰ কৰ্ণাটক বিধানসভাত অভূতপূৰ্ব সফলতাই যি সময়ত কংগ্ৰেছ দলক আত্মবিশ্বাসী কৰি তুলিছে সেই সময়তে আকৌ একাংশ কংগ্ৰেছ নেতাই নিজ দলৰ বিৰুদ্ধেই আন্দোলন ঘোষণা কৰি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলটোক বিপদ পেলোৱাতহে হাত উজান দিয়া পৰিলক্ষিত হৈছে।

Advertisment

চলিত বছৰৰ শেষৰ ফালে ৰাজস্থানত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু বিদ্ৰোহী কংগ্ৰেছ নেতা শচীন পাইলটৰ মাজৰ যুঁজখনে পুনৰবাৰ দেশজুৰি চৰ্চা লাভ কৰিছে।

শচীন পাইলটে এইবাৰ মুখ্যমন্ত্ৰী অশোক গেহলেটক ১৫ দিনৰ চূড়ান্ত সময় নিৰ্ধাৰণ কৰি দিছে। এই ১৫ দিনত যদি তেওঁলোকৰ দাবী মানি লোৱা নহয় তেন্তে মুখ্যমন্ত্ৰী গেহলেটৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব।

এই সন্দৰ্ভত শচীন পাইলটে কয়, এতিয়লৈকে গান্ধীবাদী নীতিৰে নিজৰ কথা ৰাখি আহিছো। ৩ দিনৰ পাছত গাওঁ, নগৰ সকলোতে ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আমাৰ হাতত হেৰুৱাবলৈ একো নাই।

তেওঁ অশোক গেহলটক লক্ষ্য কৰি আক্ৰমণ কৰি কয়, আমি গালি খাই খাই দলৰ বাবে কাম কৰি আছো। আৰু তেওঁ শাসনত বহিলৈ ক্ৰীম খাই আছে।

উল্লেখ্য যে, শচীন পাইলটে অশোক গেহলেটৰ ওচৰত ৩ টা দাবী উত্থাপন কৰিছে। সেই ৩ টা দাবীৰ ভিতৰত প্ৰথমটো দাবী হৈছে ৰাজস্থান লোক সেৱা আয়োগ চমুকৈ আৰ পি এছ চি ভংগ কৰি নতুন সংস্থা গঠন কৰা। এক নতুন আইন তৈয়াৰ কৰক আৰু ইয়াৰ অধ্যক্ষ, সদস্য আদি নিযুক্তি দিয়াৰ সময়ত বিচাৰ কৰা হওক। যিদৰে উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ নিযুক্তি দিয়াৰ সময়ত বিচাৰ কৰা হয়।

তেওঁৰ দ্বিতীয়টো দাবী হৈছে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে যিসকল যুৱক-যুৱতীৰ লোকচান হৈছে তেওঁলোকক ক্ষতিপূৰণ আদায় দিয়া আৰু তৃতীয়টো দাবী হৈছে, পূৰ্বৰ বসুন্ধৰা ৰাজে নেতৃত্বাধীন চৰকাৰৰ সময়ত যিবোৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল সেইবোৰৰ তদন্ত কৰা হওক। এই ৩ টা দাবী কাৰ্যকৰী কৰাৰ বাবে ৩১ মে' চূড়ান্ত সীমা হিচাপে নিৰ্ধাৰণ কৰি দিছে।

Also Read: এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কেইবাটাও নতুন খেল....

কংগ্ৰেছ অশোক গেহলট শচীন পাইলট