ইণ্ডিয়া গোটত হ'ব নেকি বিভাজন ? কংগ্ৰেছক লাগে ৩৯০ খন আসন, অংশীদাৰ দললৈ এৰিছে ১৫৫ খন আসন...

ইণ্ডিয়া গোটত হ'ব নেকি বিভাজন ? কংগ্ৰেছক লাগে ৩৯০ খন আসন, অংশীদাৰ দললৈ এৰিছে ১৫৫ খন আসন...
ইণ্ডিয়া গোটত হ'ব নেকি বিভাজন ? কংগ্ৰেছক লাগে ৩৯০ খন আসন, অংশীদাৰ দললৈ এৰিছে ১৫৫ খন আসন...

ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী দলসমূহৰ উমৈহতীয়া গোট ইণ্ডিয়াই বিজেপিক পৰাভূত কৰিবলৈ ৰণকৌশল তৈয়াৰ কৰাৰ লগতে এটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে মাত্ৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। তাৰ মাজতে বিৰোধী ইণ্ডিয়া গোটৰ মাজত আসন ভাগ-বতৰাক লৈ দ্বিমতত উপনীত হোৱাৰো খবৰ নহা নহয়।

শেহতীয়া খবৰ অনুসৰি সমগ্ৰ দেশত ইণ্ডিয়া গোটৰ মূল অংশীদাৰ কংগ্ৰেছে ২৯০ খন আসনত অকলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে। ইয়াৰোপৰি আন ১০০ খন আসনত কংগ্ৰেছে ইণ্ডিয়া গোটৰ সমৰ্থনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ বিচাৰিছে।

ইয়াকে লৈ যে ইণ্ডিয়া গোটৰ মাজত সংঘাতৰ সৃষ্টি নহ'ব তাক লৈ কোনো নিশ্চয়তা নাই। কিয়নো দেশৰ মুঠ ৫৪৫ খন লোকসভা আসনৰ ভিতৰত ইণ্ডিয়াগোটৰ বাকী ২৬ টা অংশীদাৰ দলক কংগ্ৰেছে এৰি দিব বিচাৰিছে মাত্ৰ ১৫৫ খন আসন।

যিসমূহ ৰাজ্যত কংগ্ৰেছে ইণ্ডিয়া গোটৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বিচাৰিছে সেই ৰাজ্যসমূহৰ কংগ্ৰেছ সভাপতিৰে কেন্দ্ৰীয় নেতৃত্বই বিগত সপ্তাহত দুদিন ধৰি বৈঠক অনুষ্ঠিত হৈছে। তাৰ পূৰ্বে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰস্তুতিক লৈ প্ৰতিখন ৰাজ্যৰ নেতৃত্বৰে পৃথকে পৃথকে আলোচনাত বহিছিল।

এই দুই বৈঠকৰ ভিত্তিতেই কংগ্ৰেছ নেতৃত্বই এইবাৰ ৰাজ্য অনুসৰি আসন বুজাবুজি কৰিবলৈ আলোচনা আৰম্ভ কৰিব। জানিব পৰা মতে কংগ্ৰেছে পশ্চিমবংগ, মহাৰাষ্ট্ৰ, বিহাৰ, দিল্লী, পঞ্জাৱ, তামিলনাডু, উত্তৰপ্ৰদেশ, ঝাৰখণ্ড, জম্মু-কাশ্মীৰত ইণ্ডিয়াৰ অংশীদাৰ দলসমূহৰ সমৰ্থনত ১০০ খন আসনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ বিচাৰিছে।

ইয়াৰ ভিতৰত পশ্চিমবংগত ৩ ৰ পৰা ৫ খন আসন, দিল্লীত ৫ খন আসন, পঞ্জাৱত ৮ ৰ পৰা ৯ খন আসনত যুঁজ দিব বিচাৰিছে কংগ্ৰেছে। বংগত মমতা বেনাৰ্জীয়ে ইতিমধ্যে কংগ্ৰেছৰ দখলত থকা ২ খন আসন এৰি দিবলৈ পূৰ্বৰে পৰা ৰাজি হৈ আছে যদিও তাতকৈ বেছি আসন দিব বিচৰা নাই।

অৰবিন্দ কেজৰিৱালেও দিল্লীৰ ৭ খন আসনৰ এখনো এৰি দিব বিচৰা নাই। পঞ্জাৱতো ৮ ৰ পৰা ৯ খন আসন এৰি দিবলৈ ৰাজি নহয় কেজৰিৱাল। ইয়াৰোপৰি তামিলনাডুত ডি এম কেৰ সমৰ্থন লৈ ৯ ৰ পৰা ১১ খন আসন, উত্তৰ প্ৰদেশত ১০ ৰ পৰা ১৫ খন আসন, বিহাৰত ৯ ৰ পৰা ১০ খন আসন, মহাৰাষ্ট্ৰত ২৪ ৰ পৰা ২৬ খন আসন, ঝাৰখণ্ডত ৯ খন আসন, জম্মু কাশ্মীৰত ৩ খন আসনত কংগ্ৰেছে ইণ্ডিয়া গোটৰ সমৰ্থনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে।

কংগ্ৰেছে প্ৰাথমিক পৰ্যালোচনা কৰি দেশৰ মুঠ ২৯০ খন আসনক লৈ ইণ্ডিয়া গোটৰ সৈতে কোনোধৰণৰ আলোচনা কৰিব বিচৰা নাই। এই আসনত তেওঁলোকে অকলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ মতে এই ২৯০ খন আসনৰ উপৰিও আন এনে ১৯০ খন আসন আছে য'ত যুঁজিবলৈ তেওঁলোকৰ ভাল প্ৰাৰ্থী আছে আৰু বিত্তীয় সামৰ্থও আছে। এই ১৯০ খন আসনৰ ভিতৰত কৰ্ণাটকত ২৮ জন, তেলেংগানাত ১৭ জন, গুজৰাটত ২৬ জন, হাৰিয়ানাত ১০ জন, অসমত ১৪ জন, অন্ধ্ৰ প্ৰদেশত ২৫ জন, ছত্তীশগড়ত ১১ জন, মধ্য প্ৰদেশত ২৯ জন, ৰাজস্থানত ২৫ জন আৰু হিমাচল প্ৰদেশত ৪ জন তেনে প্ৰাৰ্থী আছে।

ইয়াৰ উপৰিও, কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে, কেন্দ্ৰীয় শাসিত অঞ্চল, উৰিষ্যা, গোৱা, উত্তৰাখণ্ডতো অকলে যুঁজ দিয়াৰ মন মেলিছে। আনহাতে কংগ্ৰেছে ১৪ জানুৱাৰীৰ পূৰ্বেই আসন বুজাবুজি সম্পূৰ্ণ কৰিব বিচাৰিছে।

কিয়নো ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা। আসন বুজাবুজি সম্পূৰ্ণ হ'লেই কংগ্ৰেছে যি কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব সেই সেই লোকসভা সমষ্টিক চুই যাব এই যাত্ৰাই। এই সন্দৰ্ভত বিহাৰ, মহাৰাষ্ট্ৰ আদিৰ দৰে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ সৈতে কংগ্ৰেছ ইতিমধ্যে কথা আৰম্ভ কৰিছে।

ইণ্ডিয়া গোটত হ'ব নেকি বিভাজন ? কংগ্ৰেছক লাগে ৩৯০ খন আসন, অংশীদাৰ দললৈ এৰিছে ১৫৫ খন আসন...
৩ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱঃ ২০১৭ ৰ তুলনাত হ্ৰাস পালে ৫,৩৭০ খন বিদ্যালয়..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in