৩ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱঃ ২০১৭ ৰ তুলনাত হ্ৰাস পালে ৫,৩৭০ খন বিদ্যালয়..

৩ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱঃ ২০১৭ ৰ তুলনাত হ্ৰাস পালে ৫,৩৭০ খন বিদ্যালয়..
৩ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱঃ ২০১৭ ৰ তুলনাত হ্ৰাস পালে ৫,৩৭০ খন বিদ্যালয়..

ডিজিটেল ডেস্কঃ ৩ জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব গুণোৎসৱ। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ মুঠ ১২ খন জিলাক সামৰি ল'ব। এই জিলাকেইখন ক্ৰমে বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাওঁ, শিৱসাগৰ, দক্ষিণ শামৰা-মানকাচৰ আৰু ওদালগুৰি। এই জিলা কেইখনত ৩ জানুৱাৰীত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন আৰু৪ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বহিঃমূল্যায়ন অনুষ্ঠিত হ'ব।

দ্বিতীয় পৰ্যায়ত ৯ জানুৱাৰীত আভ্যন্তৰীণ আৰু অহা ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বহিঃমূল্যায়ন হ'বলগীয়া জিলাকেইখন হৈছে- বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্র'), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰ। আনহাতে অহা ৫ ফেব্ৰুৱাৰীত আভ্যন্তৰীণ আৰু অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন হ'বলগীয়া জিলাকেইখন হৈছে- বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং।

উল্লেখ্য যে, এইবাৰ গুণোৎসৱে ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগান আদর্শ বিদ্যালয়, আবাসিক বিদ্যালয়, আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু চাহ বাগিচা মালিকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সামৰি ল'ব। প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ মুঠ ৩,৯৬,৩৫৪ গৰাকী ছাত্র-ছাত্রীয়ে অংশ ল'বলগীয়া এইবাৰৰ গুণোৎসৱত ১৮০৯৮ গৰাকী বহিঃমূল্যায়নকাৰী নিয়োজিত কৰা হ'ব।

তাৎপৰ্যপূৰ্ণভাৱে শিক্ষা মন্ত্ৰী ৰণোজ পেগু তথা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য-পাতিৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে, ২০১৭ চনত গুণোৎসৱে সামৰি লোৱা বিদ্যালয় আছিল ৪৮,৮৬৮ খন। কিন্তু এইবাৰ সেই সংখ্যা ৪৩,৪৯৮ খনলৈ হ্রাস পাইছে।

অর্থাৎ পূৰ্বৰ তুলনাত হ্রাস পোৱা বিদ্যালয়ৰ সংখ্যা ৫,৩৭০ খন। মনকৰিবলগীয়া যে এইবাৰৰ গুণোৎসৱত চাহ বাগান, আবাসিক বিদ্যালয় আদিও সামৰি লোৱাৰ ফলতহে বিদ্যালয়ৰ সংখ্যা ৪৩,৪৯৮ খন হৈছে।

যোৱা সময়ছোৱাত চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ এক বৃহৎসংখ্যক বিদ্যালয় ছাত্র-ছাত্রী অভাৱত বন্ধ কৰি দিয়াৰ ফলতেই যে, ২০১৭ চনৰ তুলনাত বিদ্যালয়ৰ সংখ্যা হ্রাস পালে সেয়া বুজিবলৈ কাৰো বাকী নাই।

৩ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱঃ ২০১৭ ৰ তুলনাত হ্ৰাস পালে ৫,৩৭০ খন বিদ্যালয়..
ননৈ মহাবিদ্যালয়ত 'অৰুণোদয় দিৱস' আৰু 'জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতি দিৱস' পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in