বিপদত অমিত শ্বাহ! উত্তেজনামূলক ভাষণৰ বাবে এজাহাৰ দাখিল...

বিপদত অমিত শ্বাহ! উত্তেজনামূলক ভাষণৰ বাবে এজাহাৰ দাখিল...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। কংগ্ৰেছ নেতা ৰনদ্বীপ সিং সুৰজেৱালা, ড০ পৰমেশ্বৰ আৰু কৰ্ণাটক কংগ্ৰেছৰ অধ্যক্ষ ডি কে শিৱকুমাৰে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্য বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

বাংগালুৰুৰ হাই গ্ৰাউণ্ডছ আৰক্ষী থানাত দাখিল কৰা অভিযোগত উল্লেখ কৰিছে যে, কৰ্ণাটকৰ এক জনসভাত অমিত শ্বাহে উত্তেজনামূলক ভাষণ দিছে যিয়ে শত্ৰুতা আৰু ঘৃণা বৃদ্ধি কৰাৰ লগতে বিৰোধীক বদনাম কৰিছে।

ডিকে শিৱকুমাৰে অভিযোগত কৈছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে যদি কংগ্ৰেছ শাসনত আহে তেন্তে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব। কংগ্ৰেছে কয় যে, তেওঁ এনেদৰে কেনেকৈ ক'ব পাৰে? আমি ভাৰতৰ নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰিছো। কংগ্ৰেছ নেতাই ২৫ এপ্ৰিলত কৰ্ণাটকৰ বিজয়পুৰা আৰু অন্য স্থানত অমিত শ্বাহে দিয়া ভাষণৰ কথা উল্লেখ কৰিছে।

উল্লেখ্য যে, ১০ মেত কৰ্ণাটকত অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বিভিন্ন নেতাই কৰ্ণাটকত চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।

বিপদত অমিত শ্বাহ! উত্তেজনামূলক ভাষণৰ বাবে এজাহাৰ দাখিল...
বিহুনৃত্যক লৈ বিৰ্তক! ঢোল-পেপা নহয়, বজালে ভোৰতাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in