বিহুনৃত্যক লৈ বিৰ্তক! ঢোল-পেপা নহয়, বজালে ভোৰতাল

 বিহুনৃত্যক লৈ বিৰ্তক! ঢোল-পেপা নহয়, বজালে ভোৰতাল
Published on
Updated on

ডিজিটেল সংবাদ, মৰিয়নিঃ এইবাৰ এটা হুচৰি দলৰ বিহু নৃত্যক লৈ বিৰ্তকৰ সৃষ্টি হৈছে মৰিয়নিত। মৰিয়নিৰ নকছাৰিৰ নৱবিকাশ সংঘৰ মঞ্চত নৃত্য কৰা এটি বিহু দলক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

শিৱসাগৰ জিলাৰ “নিমাইজান হুচৰি দল” নামৰ দলটিক বিহু হুচৰি প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ কৰিছিল সংঘৰ তৰফৰ পৰা । কিন্তু বিহু হুচৰি প্ৰদৰ্শন কৰাৰ নামত নাগাৰা, বৰতাল বজাই বিহু হুচৰিত নৃত্য প্ৰদৰ্শন কৰিলে দলটোৱে৷

শেষত স্থানীয় সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰাত বিহু হুচৰিৰ লগত ভোৰতাল বজাই সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কথাহে উপস্থাপন কৰে “নিমাইজান হুচৰি দলটোৱে।কিন্ত সম্প্ৰতি নিমাইজান হুচৰি দলৰবিহু নৃত্যত ভোৰতাল নৃত্যক লৈ বিৰ্তকৰ সূত্ৰপাট হৈছে সমগ্ৰ মৰিয়নিত।

 বিহুনৃত্যক লৈ বিৰ্তক! ঢোল-পেপা নহয়, বজালে ভোৰতাল
আপুনিও 'স্মাইলিং ডিপ্ৰেছন'ৰ স্বীকাৰ নেকি? কেনেকৈ চিনি উলিয়াব, জানক সৱিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in