ৰাষ্ট্ৰৰ বাবে দানঃ কংগ্ৰেছ ২ সপ্তাহত সংগ্ৰহ কৰিলে ১০ কোটি টকা

ৰাষ্ট্ৰৰ বাবে দানঃ কংগ্ৰেছ ২ সপ্তাহত সংগ্ৰহ কৰিলে ১০ কোটি টকা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে আৰম্ভ কৰিছে ধন সংগ্ৰহ কাৰ্যসূচী। যোৱা ২ সপ্তাহত কংগ্ৰেছে ''ৰাষ্ট্ৰৰ বাবে দান'' শীৰ্ষক অভিযানৰ জৰিয়তে ১০ কোটি টকা সংগ্ৰহ কৰে। মঙলবাৰে এই কথা জনাই কংগ্ৰেছে।

১০ ডিচেম্বৰত কংগ্ৰেছে আৰম্ভ কৰিছিল এই অভিযান। কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকনে কয় যে, "নতুন বছৰ, নতুন সাফল্য। আমি মাত্ৰ দুসপ্তাহত ১০ কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিছো। ২০২৪ চনৰ ওচৰ চাপি অহাৰ লগে লগে কংগ্ৰেছে দুটাকৈ সাফল্য লাভ কৰিছে। ইয়াৰে এটা ১৩৮ বছৰৰ সেৱা উদযাপন আৰু ৰাষ্ট্ৰৰ বাবে ১০ কোটি টকা সংগ্ৰহ।

কংগ্ৰেছ নেতাগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে যিসকলে এই পৰ্যন্ত দান কৰা নাই তেওঁলোকক দান কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে আৰ্থিক সংকটত ভুগিছে কংগ্ৰেছ। যাৰ বাবে সংগ্ৰহ কৰিছে ধন।

ৰাষ্ট্ৰৰ বাবে দানঃ কংগ্ৰেছ ২ সপ্তাহত সংগ্ৰহ কৰিলে ১০ কোটি টকা
টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in