টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক

টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক

ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ বালিজানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আলট্ৰা বাছ-কয়লা ভৰ্তি টেংকাৰৰ মুখামুখি সংঘৰ্ষত নিহত ১০জনতকৈ অধিক লোক। নিহতলোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। বুধবাৰে পুৱতি নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো।

এই ঘটনাত আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। গোলাঘাটৰ বচাভৰলুৰ পৰা বনভোজ খাবলৈ গৈছিল দলটো। টিলিঙা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে গৈছিল দলটো। তাৰপাছতে বগীবিলত বনভোজ খালেহেতেন দলটোয়ে।

পুৱা প্ৰায় ৫ বজাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা। আলট্ৰা বাছখনত আছিল ৪০জনৰো অধিক যাত্ৰী। প্ৰচণ্ড কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰিছে। আহত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

 মৃতসকলৰ ভিতৰত শিশু- মহিলাও আছে। একেটা পৰিয়ালৰে কেইবাজনৰো মৃত্যু হৈছে। নিহত সকলৰ ভিতৰত ৭ জনৰ পৰিচয় উদ্ধাৰ হৈছে। তেওঁলোক- পিংকী শইকীয়া, ৰিংকু বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, অনিমা শইকীয়া, দিলীপ শইকীয়া, নৱজিত শইকীয়া। লগতে নিহত টেংকাৰ চালক নুৰ আলমৰ।

টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক
বৃদ্ধি শীতৰ প্ৰকোপ! ঘন কুঁৱলীয়ে ঢাকি ধৰিছে সকলো, ৮ জানুৱাৰীলৈ বন্ধ বিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in