/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/de517d90-11a2-4c95-b61d-e615cc3091ef/30.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰঃ বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়ছোৱাত এহাল বগা ঘোঁৰাক বিগত প্ৰায় ৫/৬ দিন ধৰি "ভগৱান" হিচাপে পূজা অৰ্চনা কৰিছে একাংশই। গহপুৰৰ অন্তৰ্গত জালুকবাৰী গাঁৱৰ অবিশ্বাস্য ঘটনাটোৰ ৰহস্য অৱশেষত ফাদিল হৈছে। বাটে বাটে আহি গাঁৱৰ এঘৰৰ মেজিত খেৰ খাই থকা অৱস্থাত উদ্ধাৰ হোৱা বগা ঘোঁৰা হালক লৈ একাংশ অন্ধভক্তই ভগৱানৰ আৱিৰ্ভাব হোৱা বুলি অপপ্ৰচাৰ চলাই উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল।
কিন্তু ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, জালুকবাৰী গাঁৱৰ নিকটৱৰ্তী অসম অৰুণাচল সীমান্তৰ ডফলাগড়ৰ তিনিকোনীয়াৰ মমিন আলী নামৰ লোক জনৰ আছিল এই বগা ঘোঁৰা দুটা। ঘোঁৰা দুটা হেৰুৱা প্ৰায় ৪ মাহ হৈছিল।বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও মমিন আলীয়ে বিচাৰি পোৱা নাছিল ঘোঁৰা দুটা।এনে সময়তে জালুকবাৰী গাঁৱৰ একাংশ ৰাইজে দুটা বগা ঘোঁৰাক ভগৱানৰূপে পূজা অৰ্চনা কৰি থকা বুলি খবৰ লাভ কৰে মমিন আলীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e57d32b0-a64a-422f-9dd5-4022a23ab9f8/23524c83_b561_420b_b481_668f06ea3e10.jpg)
সেই অনুসৰি স্থানীয় চৰকাৰী গাঁওবুঢ়াক লগত লৈ কালি মমিন আলী জালুকবাৰী গাঁৱত উপস্থিত হোৱাৰ পিছত এই ঘোঁৰা দুটা তেওঁৰ বুলি নিশ্চিত হয়।পৰবৰ্তী সময়ত মমিন আলীয়ে উক্ত ঘোঁৰা দুটা চমজি লৈ ঘৰলৈ লৈ যায়।ইয়াৰ পিছতে যৱনিকা পৰে ভগৱানৰূপী বগা ঘোঁৰাৰ এক ৰহস্যময় পৰিৱেশৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0376f457-4642-43c5-a225-bebd97123e4f/bf1af3ac_0313_4d28_b2b6_9608ff5d708c.jpg)
উল্লেখযোগ্য যে, বিগত প্ৰায় এমাহ পূৰ্বে গাঁওখনৰ ৭ গৰাকী মহিলাৰ গাত আই লম্ভিছিল।সেই ৭ গৰাকী মহিলাই বোলে ৰাইজক কৈছিল গাঁওখনত দুগৰাকী ভগৱান সদৃশ ডাঙৰীয়াৰ আৱিৰ্ভাব হ'ব।তেনে সময়তে ১ মে'ত গাঁওখনৰ এঘৰ লোকৰ বাৰীৰ পিছফালে থকা খেৰৰ মেজিত পদাৰ্পন ঘটে দুটা বগা ঘোঁৰাৰ।
মূহুৰ্ততে গাঁওখনত বিয়পি পৰে কথাটো।তাৰ পাছতে একাংশ ৰাইজে এয়া ভগবানৰ আৰ্ৱিভাব বুলি প্ৰচাৰ কৰি ঘোঁৰা দুটা সন্মুখত আঁঠু কাঢ়ি মাটিত বাগৰি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰে।আনকি একাংশ অন্ধভক্তই "আই"ক নিবলৈ ভগৱানৰ ৰূপ ধৰি বগা ঘোঁৰা হাল অহা বুলি অপপ্ৰচাৰ কৰি ৰাইজৰ মাজত বিশ্বাস জন্মাবলৈ নানান পন্থা অৱলম্বন কৰে।
চেলেং,গামোচা, ধূপ-ধুনা আদিৰে পূজা অৰ্চনা আগবঢ়োৱা ঘোঁৰা হালৰ কপালত সেন্দুৰৰ ফোট দি কপাল ৰঙা কৰি পেলোৱাও পৰিলক্ষিত হয়।নিজৰ জ্ঞান-বুদ্ধি, বিচাৰ-বিবেচনা,চিন্তা-চেতনা আদি বন্ধকত থৈ অন্ধবিশ্বাসৰ পোহাৰ মেলি বৃহত্তৰ অঞ্চলটোৰ স্বাভাৱিক পৰিৱেশ বিঘ্নিত কৰি তোলা এই বগা ঘোঁৰা হালৰ ৰহস্য অৱশেষত ফাদিল হোৱাত অন্ধভক্ত সকলৰো এতিয়া মুখৰ মাত হৰিল।
Also Read: বতৰে দিছে বিধি-পথালি, তথাপিও ৰখাব পৰা নাই ভোটাৰক...