অসমত অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকঃ দিল্লীত সম্পন্ন পৰ্যালোচনা বৈঠক..

অসমত অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকঃ দিল্লীত সম্পন্ন পৰ্যালোচনা বৈঠক..
অসমত অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকঃ দিল্লীত সম্পন্ন পৰ্যালোচনা বৈঠক..
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত আজি নতুন দিল্লীত শীৰ্ষ নেতৃত্বৰে এক পৰ্যালোচনামূলক বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব। এই বৈঠকতে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ৰণনীতিও প্ৰস্তুত কৰা হয় বুলি জানিব পৰা গৈছে।

সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত সভাপতিত্ব কৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। বৈঠকত উপস্থিত থাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কেইবাজনো সাংসদসহ আন কেইবানজনো নেতা।

এই বৈঠকৰ পাছতে ৰাহুল গান্ধীয়ে এক ফেচবুক পোষ্টৰ জৰিয়তে কয়, শান্তি আৰু সমৃদ্ধি এই দুই স্তম্ভৰ আধাৰত কংগ্ৰেছ দলে এখন প্ৰগতিশীল অসম গঢ়ি তুলিছিল। তেওঁ কয়, বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ অপশাসনে এই শান্তি, সমৃদ্ধিৰ এই স্তম্ভবোৰ ধ্বংস কৰিছে। আমি এই প্ৰৱণতা বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ সংকল্পবদ্ধ আৰু জনসাধাৰণৰ ভালৰ বাবে সময় সলনি হ'ব।

আনহাতে টুইটাৰৰ জৰিয়তে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, অসমত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈছে। আমি দলটোক পুনৰুজ্জীৱিত কৰি আছো। সকলো নেতা আৰু কৰ্মীয়ে ৰাইজৰ কাষ চাপিব লাগিব আৰু বিজেপিৰ অপশাসন আৰু অযোগ্যতাৰ দিশটোক উন্মোচিত কৰিব লাগিব। কংগ্ৰেছ দলে এচপৰা এচপৰা ইটাৰে অসম নিৰ্মাণ কৰিছিল আৰু ৰাজ্যখনৰ শান্তি, প্ৰগতি, কল্যাণ নিশ্চিত কৰিছিল।

আজিৰ এই বৈঠকত শেহতীয়াকৈ ৰাজ্যখনে সন্মুখীন হোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা হয়। এই বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ত জীতেন্দ্ৰ সিং আৰু সভাপতি ভূপেন কুমাৰ বৰাই কয় যে, অসমৰ শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ নষ্ট কৰাৰ বাবে ইচ্ছাকৃতভাৱে একাংশই চেষ্টা অব্যাহত ৰাখিছে। সভাপতি ভূপেন কুমাৰ বৰাই অভিযোগ কৰি কয় যে, বিজেপি চৰকাৰে তেওঁলোকৰ দলীয় কৰ্মীৰ বাবে অস্ত্ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে। ই ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰিব। কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব।

ইয়াৰোপৰি তেওঁ কয়, এই পৰ্যালোচনামূলক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিৰ বিষয়েও আলোচনা কৰা হৈছে। তেওঁ অভিযোগ কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইতকৈ দুৰ্নীতি পৰায়ণ মুখ্যমন্ত্ৰী।

লগতে তেওঁ কয় যে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁক নিশ্চিত কৰিছে যে, উত্তৰ পূৰ্বাঞ্চলক গুৰুত্বপ্ৰদান কৰা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠক শীঘ্ৰেই অসমত অনুষ্ঠিত কৰিব।

অসমত অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকঃ দিল্লীত সম্পন্ন পৰ্যালোচনা বৈঠক..
মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in