৩ ৰাজ্যত বিপৰ্যয়ঃ নিৰ্বাচনৰ পূৰ্বে গুৰুত্বহীন ইণ্ডিয়া গোটৰ শৰনাপন্ন কংগ্ৰেছ...

৩ ৰাজ্যত বিপৰ্যয়ঃ নিৰ্বাচনৰ পূৰ্বে গুৰুত্বহীন ইণ্ডিয়া গোটৰ শৰনাপন্ন কংগ্ৰেছ...
৩ ৰাজ্যত বিপৰ্যয়ঃ নিৰ্বাচনৰ পূৰ্বে গুৰুত্বহীন ইণ্ডিয়া গোটৰ শৰনাপন্ন কংগ্ৰেছ...

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ নিৰ্বাচনত বিজয় লাভেৰে লোকসভা নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ আশাৰে কংগ্ৰেছে কাম কৰি আছিল যদিও ভোটগণনা অব্যাহত থকাৰ মাজতে ৪ খন ৰাজ্যৰ ভিতৰত ৩ খনতে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত হৈছে। ছত্তিশড়ত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দলটোৱে আশা কৰিছিল যদিও এতিয়া ছত্তিশগড়ো তেওঁলোকৰ হাতৰ পৰা ওলাই যোৱাৰ হে সম্ভাৱনাই দেখা দিছে।

দুই শীৰ্ষ নেতাৰ মাজৰ সংঘাতে জুৰুলা কৰি ৰখা ৰাজস্থান কংগ্ৰেছেয়েও ভূগিবলগীয়া হৈছে ইয়াৰ ফল। মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ যুঁজেই ৰাজ্যখনত কংগ্ৰেছৰ বাবে কাল হৈ থিয় দিলে।

আনহাতে মধ্যপ্ৰদেশত বিজেপিৰ ত্ৰিমূৰ্তি মোডী, শ্বাহ আৰু নাড্ডাৰ জোৰদাৰ প্ৰচাৰে পুনৰ দলটোৰ প্ৰতি সৰ্বসাধাৰণক আকৃষ্টি কৰিলে। ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত।

ইফালে তেলেংগানাত কংগ্ৰেছ বিজয়ৰ দিশে আগবাঢ়িছে যদিও সময়ত দলটোৰ একাংশ বিধায়কে বি আৰ এছ, বিজেপিৰ জালত ভৰি থোৱাৰ আশংকাহে দেখা দিছে। যাৰ বাবে দলটোৰ নিৰ্বাচিত বিধায়কক গোপন স্থানলৈ লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে কংগ্ৰেছে।

ইফালে ৪ ডিচেম্বৰত ফলাফল ঘোষণা হ'বলগীয়া মিজোৰামতো কংগ্ৰেছৰ চৰকাৰ গঠন নোহোৱাটো নিশ্চিত। এনে প্ৰেক্ষাপটত পুনৰ ইণ্ডিয়া গোটৰ কাষ চাপিছে কংগ্ৰেছ।

৫ ৰাজ্যৰ নিৰ্বাচনৰ বাবে যদিও ইণ্ডিয়া গোটৰ কাৰ্যকলাপ বৃদ্ধি পাব লাগিছিল তথাপিও সকলোকে আচৰিত কৰি স্তিমিত হে হ'ল এই গোটৰ কাৰ্যকলাপ। কংগ্ৰেছৰ সকলো নেতাই ৫ ৰাজ্যৰ নিৰ্বাচনত জপিয়াই পৰিছিল।

কিন্তু আজি ঘোষণা হ'বলগীয়া ফলাফলত কংগ্ৰেছৰ বিপৰ্যয় নিশ্চিত হোৱাত এতিয়া পুনৰ ইণ্ডিয়া গোটৰ কাষ চাপিছে কংগ্ৰেছ। দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা অনুসৰি এই পৰ্যন্ত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়ত বিজেপি আগবাঢ়ি আছে।

এই ৰাজ্য কেইখনত বিজেপিৰ চৰকাৰ প্ৰায় নিশ্চিত। এনে পৰিস্থিতিত ইণ্ডিয়া গোটৰ কাষ চাপি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অহা বুধবাৰে দিল্লীত এক বৈঠক আহ্বান কৰিছে।

এই বৈঠকত ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰাৰ উপৰি আগন্তুক সময়ত বিজেপিৰ বিৰুদ্ধে কিদৰে শক্তিশালী ভূমিকাত অৱতীৰ্ণ হ'ব তাক লৈ আলোচনা কৰিব। তৈয়াৰ কৰা হ'ব আগন্তুক ৰণকৌশল। কিন্তু এই বৈঠকলে সকলো বিৰোধী দলৰ নেতৃত্ব যাব নে নাই তাক লৈ এতিয়া শংকিত হৈ পৰিছে কংগ্ৰেছ শিবিৰ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই নিৰ্বাচনক লোকসভাৰ ছেমি ফাইনেল আখ্যা দিয়া হৈছে।

কিন্তু ইণ্ডিয়া গোট গঠনৰ পাছতো এই ৰাজ্যবোৰত কংগ্ৰেছে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। সমাজবাদী পাৰ্টী, চি পি আই এম আদিৰ দৰে ইণ্ডিয়া গোটৰ সদস্যসকলক গুৰুত্বহীন কৰিলে কংগ্ৰেছে।

যাৰ বাবে মধ্যপ্ৰদেশৰ দৰে ডাঙৰ ৰাজ্যত তাৰ ফল ভূগিছে কংগ্ৰেছে। সমাজবাদী পাৰ্টীয়ে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবেই কংগ্ৰেছ আশা কৰাতকৈ বহু পিছপৰি থাকিল।

ৰাজস্থানতো একেই অৱস্থা। সেয়ে চৰ্চা হৈছে অত্যাধিক আত্মবিশ্বাসেই কাল হ'ল কংগ্ৰেছৰ। পূৰ্বৰ দৰেই বিগ ব্ৰাডাৰৰ ভূমিকা ল'বলৈ যোৱা কংগ্ৰেছে ক্ষুদ্ৰ ৰাজনৈতিক দলক গুৰুত্বহীন কৰাৰ ফল ভূগিবলগীয়া হৈছে। এনে প্ৰেক্ষাপটত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া গোটৰ বৈঠক যে অতি গুৰুত্বপূৰ্ণ সেয়া নিশ্চিত।

৩ ৰাজ্যত বিপৰ্যয়ঃ নিৰ্বাচনৰ পূৰ্বে গুৰুত্বহীন ইণ্ডিয়া গোটৰ শৰনাপন্ন কংগ্ৰেছ...
৩ ঘণ্টাত সলনি ৪ ৰাজ্যৰ ভোটগণনাৰ সকলো দৃশ্য়পটঃ সঠিক তথ্যৰ বাবে চাওঁক এই খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in