ৰাহুলৰ লগতে থাকিব অখিলেশ! উত্তৰ প্ৰদেশত কংগ্ৰেছ-সমাজবাদীৰ মিত্ৰতা

আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰিলে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে।

author-image
Asomiya Pratidin
New Update
ৰাহুলৰ লগতে থাকিব অখিলেশ! উত্তৰ প্ৰদেশত কংগ্ৰেছ-সমাজবাদীৰ মিত্ৰতা

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰিলে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে। দুয়োটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব উত্তৰ প্ৰদেশত। অৱশ্যে এতিয়াও ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। সম্ভৱত আজি সন্ধিয়ালৈ আসন ভাগ-বতৰা সন্দৰ্ভত ঘোষণা হ'ব।

Advertisment

এই সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে কয় যে আমাৰ মাজত কোনো বিবাদ নাই। মিত্ৰতা হ'ব। শীঘ্ৰেই সকলো স্পষ্ট হ'ব। শেষত যি হয় ভালেই হয়। সূত্ৰ অনুসৰি জানিব পৰা মতে প্ৰিয়ংকা গান্ধীয়ে এই আলোচনাৰ আৰম্ভ কৰে আৰু সকলোৱে সমৰ্থন জনায়।

খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ বাবে কংগ্ৰেছক ১৭খন আসন এৰি দিব সমাজবাদী পাৰ্টীয়ে। লোকসভাত উত্তৰ প্ৰদেশৰ ৮০ খন আসন আছে। দুয়োটা দলৰ মাজত ৩ খন আসনৰ বাবে মতভেদ হৈ আছিল। জানিব পৰা মতে এতিয়া এই আসন কেইখনৰ মাজত এতিয়া দল দুটাৰ মাজত থকা মতভেদ দূৰ হৈছে।

জানিব পৰা মতে উত্তৰ প্ৰদেশত কংগ্ৰেছে লাভ কৰা আসনসমূহ- আমেঠী, ৰায়বৰেলী, প্ৰয়াগৰাজ. বাৰনাসী, মহাৰাজগঞ্জ, দেবৰিয়া, বাঞ্চগাঁও, সীতাপুৰ, অমৰোগ. বুলন্দচহৰ, গাজিয়াবাদ, কানপুৰ, ঝান্সী, বাৰাবংকী, ফতেহপুৰ চিকৰী, ছহৰানপুৰ আৰু মধুৰা।

Also Read: আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এজন

rahul gandhi uttar pradesh samajbadi party