কংগ্ৰেছেই নহয়, চাৰি শংকৰাচাৰ্যাও উপস্থিত নাথাকে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত...

কংগ্ৰেছেই নহয়, চাৰি শংকৰাচাৰ্যাও উপস্থিত নাথাকে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত...
কংগ্ৰেছেই নহয়, চাৰি শংকৰাচাৰ্যাও উপস্থিত নাথাকে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত...

ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ উদ্বোধনক কেন্দ্ৰ কৰি দেশজুৰি বিজেপি আৰু আৰ এছ এছে এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে অভ্যাগতক নিমন্ত্ৰণ জনোৱা পৰ্ব প্ৰায় শেষ কৰিছে।

হিন্দু ধৰ্মাৱলম্বী আধ্যাত্মিক গুৰুৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, বিশিষ্ট ব্যৱসায়ী, উদ্যোগপতি, ক্ৰীড়া, সাহিত্য, সংস্কৃতি আদি সকলো দিশৰ সৈতে জড়িত নিৰ্বাচিত ব্যক্তিক ইতিমধ্যে নিমন্ত্ৰণ জনাইছে এই অনুষ্ঠানলৈ। কিন্তু এই উদ্বোধনী অনুষ্ঠানৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই এতিয়া বিতৰ্কৰ সূত্ৰপাত হ'বলৈ ধৰিছে।

কংগ্ৰেছকে ধৰি একাধিক বিৰোধী ৰাজনৈতিক দলে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক ৰাজনৈতিক লাভালাভৰ প্ৰচাৰৰ এক মাধ্যম হিচাপে বিজেপি, আৰ এছ এছে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি এই অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজনৈতিক দলৰ এনে সিদ্ধান্তক অৱশ্যে সাধাৰণভাৱে ল'ব পাৰিলেও চাৰি শংকৰাচাৰ্যয়ো এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাই নহয়, সমগ্ৰ অনুষ্ঠানটোক লৈ নতুনকৈ চৰ্চা আৰম্ভ হ'বলৈ ধৰিছে।

কেৱল শংকৰাচাৰ্যই নহয় আন বহু ধৰ্মগুৰু, সংস্থাৰ নেতৃত্বই এই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতৃত্বই এই অনুষ্ঠানলৈ নিমন্ত্ৰণ পোৱাৰ পাছতো নোযোৱাৰ সিদ্ধান্ত ৰাজহুৱা কৰাৰ লগতে ইয়াৰ অন্তৰালৰ কাৰণো ব্যাখ্যা কৰিছে। কিন্তু তাৰ পাছতে কংগ্ৰেছ এতিয়া বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।

এনে পৰিস্থিতিত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তথা কংগ্ৰেছ নেতা দিগ্বীজয় সিঙে বৃহস্পতিবাৰে কয়, ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। তাৰ পূৰ্বেই লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখিয়েই ২২ জানুৱাৰীত এই মন্দিৰ উদ্বোধন কৰা হ'ব। বিজেপি আৰু সংঘ পৰিয়ালৰ এই সিদ্ধান্ত হিন্দু ধৰ্মীয় ৰীতিৰ বিৰোধী। সেয়েহে শংকৰাচাৰ্যও ২২ জানুৱাৰীত অযোধ্যাৰ উদ্বোধনী অনুষ্ঠানলৈ নাযায়। এনে পৰিস্থিতিত কংগ্ৰেছ নেতৃত্ব এই অনুষ্ঠানলৈ যোৱাটো উচিত হ'বনে বুলিও তেওঁ প্ৰশ্ন কৰে।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ওড়িষ্যাৰ পুৰী গোবৰ্ধনপীঠৰ শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতীয়ে জনাইছে তেওঁ অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ নাযায়। বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ যোশী মঠৰ জ্যোতিৰ্মঠপীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে দেশৰ চাৰি পীঠৰ চাৰি শংকৰাচাৰ্যই এই অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিছে।

হৰিদ্বাৰত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ২২ জানুৱাৰীত অযোধ্যাত সনাতন ধৰ্মৰ ৰীতি লংঘন হ'বলৈ গৈ আছে। চাৰি শংকৰাচাৰ্যৰ কোনো সেয়ে সেই অনুষ্ঠানত উপস্থিত নাথাকে।

ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে হিন্দু ধৰ্মৰ চাৰি শীৰ্ষস্থানীয় সন্তৰ এই সিদ্ধান্ত বিজেপি তথা সংঘ পৰিয়ালৰ বাবে চিন্তাৰ কাৰণ হৈ পৰাৰ লগতে তেওঁলোকক অস্বস্তিত পেলাইছে। ইফালে অসমৰ পৰাও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্ব, কামাখ্যা ধানৰ মূল পুৰোহিতেও এই অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

কংগ্ৰেছেই নহয়, চাৰি শংকৰাচাৰ্যাও উপস্থিত নাথাকে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত...
ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ পৰিভ্ৰমী পক্ষীৰ আগমণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in