ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ পৰিভ্ৰমী পক্ষীৰ আগমণ

ভক্তপ্ৰাণ ৰাইজে নামঘৰত শৰাই নৈবদ্য আগবঢ়াই প্ৰতিদিনে নান্দনিক দৃশ্য উপভোগ কৰিছে
ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ পৰিভ্ৰমী পক্ষীৰ আগমণ

ডিজিটেল সংবাদ,ঘিলাধাৰী : ভক্তপ্ৰাণ ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীৰ বাবে এটি সুখবৰ ৷ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ আগমন ঘটিছে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ ৷

আঠখেলীয়া নামঘৰৰ প্ৰেক্ষাগৃহৰ কাষতে অসম চৰকাৰৰ অমৃত সৰোৱৰ আঁচনিৰ অধীনত নতুনকৈ খন্দা পুখুৰীত আশ্ৰয় লৈছেহি শৰালি হাঁহকে ধৰি ভালেকেইবিধ পৰিভ্ৰমী পক্ষী ৷ পুৱা-গধূলি পক্ষীৰ কলৰৱত আপ্লুত হৈছে নামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজ ৷

উল্লেখ্য যে নামঘৰ প্ৰেক্ষাগৃহৰ কাষত পুখুৰীটো খন্দা কিছুদিনৰ পিছতে এই পৰিভ্ৰমী পক্ষীসমূহ আগমণ হোৱাত ভক্তপ্ৰাণ ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী আনন্দ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি ভক্তপ্ৰাণ ৰাইজে নামঘৰত শৰাই নৈবদ্য আগবঢ়াই প্ৰতিদিনে এই নান্দনিক দৃশ্য উপভোগ কৰিছে ৷

ৰাইজে এই পৰিভ্ৰমী পক্ষীসমূহক খাদ্য লগতে নিৰাপত্তা কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনক আহ্বান জনাইছে ৷ ইফালে ৰাইজৰ অভিযোগ এই পক্ষীসমূহ আগমণৰ পিছত ওচৰে পাজৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ সেই অনুষ্ঠানত উচ্চ প্ৰাৱল্যত বজোৱা মাইকৰ শব্দত পক্ষীসমূহ ভয়তে আঁতৰি গৈছিল যদিও পুণৰ পক্ষীসমূহ পুখুৰীলৈ আগমণ ঘটে ৷

সেয়েহে নামঘৰৰ পৰা এটা নিৰ্ধাৰিত এলেকাৰ ভিতৰত উচ্চ প্ৰাৱল্যত অনুষ্ঠান আয়োজন কৰিবলৈ প্ৰশাসনক অনুমতি প্ৰদান নকৰিবলৈ ভক্তপ্ৰাণ ৰাইজ তথা প্ৰকৃতিপ্ৰেমীয়ে দাবী জনাইছে ৷ বৰ্তমান এই পক্ষীসমূহৰ নিৰাপত্তা দিশত নামঘৰৰ কৰ্মচাৰী, চৌহদত থকা দোকানীসকলে দিনে-নিশাই চোৱাচিতা কৰা কথা উল্লেখ কৰে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়াই ৷ সচেতন ৰাইজ , প্ৰকৃতিপ্ৰেমীসকলোৱে এই পৰিভ্ৰমী পক্ষীৰ নিৰাপত্তা কাৰণে বন বিভাগৰ লগতে জিলা প্ৰশাসনক শীঘ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ পৰিভ্ৰমী পক্ষীৰ আগমণ
নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in