'আমাৰ লক্ষ্য শুক্ৰ গ্ৰহত জীৱ বিচাৰি উলিওৱা, যি বিজ্ঞানৰ অন্যতম বৃহৎ ৰহস্য'

দেওবাৰে দিনৰ ১০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। আজি অনুষ্ঠানটিৰ শেষৰটো আলোচনা চক্ৰত আঁত ধৰে সাংবাদিক নয়ম প্ৰতিমে।

author-image
Asomiya Pratidin
New Update
'আমাৰ লক্ষ্য শুক্ৰ গ্ৰহত জীৱ  বিচাৰি উলিওৱা, যি বিজ্ঞানৰ অন্যতম বৃহৎ ৰহস্য'

ডিজিটেল ডেস্কঃ দেওবাৰে দিনৰ ১০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। আজি অনুষ্ঠানটিৰ শেষৰটো আলোচনা চক্ৰত আঁত ধৰে সাংবাদিক নয়ম প্ৰতিমে।

Advertisment

এই আলোচনা চক্ৰৰ বিষয়-বস্তু আছিল- চন্দ্ৰযান ৩ আৰু আদিত্য এল১ : মিছন । আলোচনা চক্ৰখনত উপস্থিত থাকে- ড০ শ্ৰীজিত পাদিনহাটেৰী (এমচিএনএছৰ সহকাৰী অধ্যাপক), ড০ আইশ্বন্যা শৰ্মা (সহকাৰী অধ্যাপক, বাহোনা মহাবিদ্যালয়), জনমেজো সৰকাৰ (জ্যেষ্ঠ গৱেষক, আই.ইউ.চি.এ.এ., পুনে), ড০ সাৰগ শইকীয়া (এম.ডি. আৰু মুখ্য প্ৰযুক্তিবিদ, স্পেচফাৰিং টেকন'লজিচ)

আলোচনা চক্ৰৰ প্ৰাৰম্ভিক ভাষণত ড০ আইশ্বন্যা শৰ্মাই 'প্ৰতিদিন টাইম'ক ধন্যবাদ জ্ঞাপন কৰি কয়, "এই আলোচনা চক্ৰ আয়োজন কৰাৰ বাবে মই প্ৰতিদিন টাইমক ধন্যবাদ জনাইছো। ভাৰতে চন্দ্ৰযান-৩ আৰু আদিত্য এল১ দুটা বৃহৎ সাফল্যৰ সাক্ষী হৈছে। আমাৰ দেশে মহাকাশ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে।

ড০ শ্ৰীজিত পাদিনহাতেৰীয়ে মহাকাশ আৰু গৱেষণাৰ ক্ষেত্ৰত ভাৰতক এক মুখ্য গোলকীয় খেলুৱৈ হিচাপে পৰিণত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে এতিয়াৰ পৰা ১০-১৫ বছৰৰ পিছত গৱেষণাৰ ফলবোৰ পোৱা যাব। তেওঁ কয় যে, এটা গৱেষণা আজি আৰম্ভ কৰিলে তাৰ ফল ১০-১৫ বছৰ পাছত পোৱা যায়। এই ক্ষেত্ৰত যদি এবাৰ বিকাশৰ ধাৰা আৰম্ভ হয়, তেন্তে বিকাশ হৈয়ে থাকে।

ইয়াৰোপৰি ড০ সৰাগ শইকীয়াই কয় যে, – চন্দ্ৰযান-৩ আৰু আদিত্য এল১ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আটাইতকৈ গৌৰৱৰ মূহুৰ্ত। তেওঁ শিক্ষাৰ্থীসকলক মহাকাশ অন্বেষণ কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে তাৎক্ষণিক লাভালাভ বিচাৰ নকৰি আমাৰ ভৱিষ্যত যে মহাকাশত আছে তাক ধৰি লৈ আগুৱাই যাব লাগে।

আনহাতে, জানমেজো সৰকাৰে কয়, "আদিত্য এল১ আৰু চন্দ্ৰযান-৩ প্ৰত্যাহ্বানমূলক অভিযান। এয়া দেখি ভাল লাগিছে যে এই সংস্থাবোৰে শিক্ষাৰ্থীসকলক আগুৱাই নিছে আৰু এনে অভিযান তৈয়াৰ কৰি আছে। শিক্ষাৰ্থীসকলে এইবোৰ ক্ষেত্ৰত সুযোগ লাভ কৰাটো এটা ডাঙৰ পদক্ষেপ।

আদিত্য-এল ১ ৰ বৰ্তমানৰ স্থিতি?

এই সন্দৰ্ভত উত্তৰ দি ড০ শ্ৰীজিত পাদিনহাটেৰী কয় যে, বৰ্তমান আদিত্য এল১ গৈ আছে। ইয়াৰ পৰা চন্দ্ৰৰ ৫ গুণ দূৰত্বত আদিত্য এল ১ৰ লক্ষ্য। সম্ভৱত জানুৱাৰীমানত L1 ত উপনীত হম।

আদিত্য-এল-১ অভিযানৰ পিছত ড০ আইশ্বন্যা শৰ্মাৰ কাম সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, "মোৰ কাম হ'ব সূৰ্যৰ কিছুমান তৰংগৰ বিষয়ে গৱেষণা কৰা। কিছুমান বিস্ফোৰণ সূৰ্যত নিৰন্তৰভাৱে সংঘটিত হয়। এই বিস্ফোৰণৰ পৰা ওলাই অহা কণাবোৰে যন্ত্ৰপাতিক প্ৰভাৱিত কৰিব পাৰে। সেয়েহে, মহাকাশৰ বতৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। ঢৌবোৰৰ কাৰণবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ।"

এই অভিযানবোৰ ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

এই সন্দৰ্ভত সাৰগ শইকীয়াই কয় যে, আমি আন দেশৰ ওপৰত নিৰ্ভৰযোগ্য হ'ব নোৱাৰো। এই অভিযানবোৰে আমাৰ জীৱনত দৈনন্দিন প্ৰভাৱ পেলায়। ভাৰত এতিয়া উচ্চাকাংক্ষী, প্ৰযুক্তিৰ ক্ষেত্ৰতো বিকাশ কৰি আছো । প্ৰযুক্তিৰ ক্ষেত্ৰতো আগবাঢ়িব লাগিব।

ইয়াৰ উপৰিও, অংশগ্ৰহণকাৰী সকলে এই অভিযানবোৰত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে জনাইছিল। ড০ শ্ৰীজিতে দাবী কৰিছিল যে ইছৰোত কাম কৰাটো সহজ কাম নহয় কিয়নো তেওঁলোকে ঘন্টাৰ পিছত ঘণ্টা কাম কৰিব লগা হৈছিল। তেওঁ কৈছিল যে তেওঁলোকে কোভিড সময়তো পৰীক্ষাগাৰত নিৰন্তৰ কাম কৰিব লগা হৈছিল।

আনহাতে, জানমেজোই কয় যে, এনে মিছনত অনৰ্ভুক্ত হ'ব পৰাতো ডাঙৰ কথা। তেওঁ দৈনিক কেনেকৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিব লগা হৈছিল তাৰ বিষয়ে দীঘলীয়াকৈ কৈছিল।

ড০ আইশ্বন্য শৰ্মাৰ কয় যে, তেওঁ কাম কৰোতে বহুতো কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ কয় যে, "মই বিশেষকৈ ডাটাৰ সৈতে কাম কৰি আছিলো। ডাটা সংগ্ৰহ কৰিবলৈ সময় লাগে। প্ৰক্ৰিয়াটোৰ সময়ত মই বহুতো কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিলো। যাৰ বাবে কিছু বাধা আহি পৰিছিল।

অভিযানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ সৰাগ শইকীয়াই কয় যে "এয়া ভাৰতৰ বাবে মহাকাশ অন্বেষণৰ এক সোণালী যুগ। কেৱল ইয়াতেও থমকি নাযায়। আৰু বহু অভিযান আহি আছে। পৰৱৰ্তী অভিযান হ'ব শুক্ৰ অভিযান। আমি 'শুক্ৰ'ক লৈ এটা ব্যক্তিগত অভিযানতো কাম কৰি আছো। আমাৰ লক্ষ্য হৈছে ''শুক্ৰত জীৱ বিচাৰি উলিওৱা, যি বিজ্ঞানৰ অন্যতম বৃহৎ ৰহস্য''।

Also Read: শান্তি, উন্নয়ন চাবলৈ ৰাহুল গান্ধীয়ে উত্তৰ-পূৱ ভ্ৰমণ কৰিব লাগেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

conclave 2023 aditya l1 chandrayaan 3