EVM আৰু VVPAT শ্লিপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত স্পষ্টিকৰণ দিব নিৰ্বাচন আয়োগে...

পুৱাৰ শুনানিত কেইবাটাও বিষয়ত নিৰ্বাচন আয়োগৰ পৰা বিচাৰিছিল স্পষ্টিকৰণ
EVM আৰু VVPAT শ্লিপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত স্পষ্টিকৰণ দিব নিৰ্বাচন আয়োগে...
EVM আৰু VVPAT শ্লিপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত স্পষ্টিকৰণ দিব নিৰ্বাচন আয়োগে...

ডিজিটেল ডেস্কঃ ই ভি এমৰ ভোটৰ সৈতে ভিভিপেট (VVPAT) শ্লিপ মিলাই চাবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা স্পষ্টিকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ দুজনীয়া বিচাৰপীঠে। আয়োগে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ সন্মুখত আজি দিনৰ ২ বজাত এই সন্দৰ্ভত বক্তব্য প্ৰদান কৰিব।

উল্লেখ্য, আজি পুৱা এই গোচৰটোৰ শুনানিৰ সময়ত আবেদনকাৰীয়ে ই ভি এম ছ'ৰ্চ কোডৰ বিষয়টো উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৈছিল যে, ইয়াক কোনো কাৰণতে ৰাজহুৱা কৰিব নোৱাৰি। কিয়নো এই ক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰ হ'ব পাৰে।

আনহাতে ভিভিপেট শ্লিপ সন্দৰ্ভত কয়, আমি কিছুমান বিষয়ত স্পষ্টিকৰণ বিচাৰোঁ। মাইক্ৰ'কণ্ট্ৰোলাৰটো নিয়ন্ত্ৰণকাৰী একক বা ভিভিপেটৰ সৈতে সংযোজিত নেকি? দুপৰীয়া ২ বজাৰ ভিতৰত নিৰ্বাচন আয়োগৰ বিষয়াসকলে যোগাযোগ কৰক।

শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে লগতে এইটোও সুধিছিল যে, মাইক্ৰ'কণ্ট্ৰোলাৰটো কেৱল এবাৰহে ব্যৱহাৰ কৰা হয় নেকি? ন্যায়ালয়ে লগতে চিম্বল লোডিং ইউনিট সম্পৰ্কে আৰু ই ভি এম সংৰক্ষণৰ তথ্যৰ সন্দৰ্ভতো স্পষ্টিকৰণ বিচাৰিছে।

দুজনীয়া বিচাৰপীঠে পুৱাৰ শুনানিত কয়, সকলো বিষয়তে সন্দেহ কৰাটো উচিত নহয়। সকলো বিষয়তে সন্দেহ কৰিব নোৱাৰি। যদি আয়োগে কিছু ভাল কাম কৰিছে তেন্তে ইয়াক স্বীকাৰ কৰিব লাগিব। সকলোবোৰ বিষয়কে নিন্দা কৰা উচিত নহয়।

উল্লেখ্য যে, ইভিএম আৰু ভিভিপেট শ্লিপ মিলাই চোৱাৰ দাবী দীৰ্ঘদিনীয়া। এই দাবীৰে উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল বিশিষ্ট আইনজ্ঞ অৰুণ কুমাৰ আগৰৱালে। বৰ্তমান চলিত নিয়ম অনুসৰি ভোটগণনাৰ সময়ত এটা বিধানসভা সমষ্টিৰ যিকোনো ৫ টা ভোটকেন্দ্ৰৰ নিৰ্বাচিত ইভিএমৰ ভোট ভিভিপেটৰ সৈতে মিলাই চোৱা হয়। আবেদনকাৰীৰ মতে, ভিভিপেটৰ তথ্য আৰু ইভিএমত দিয়া ভোটৰ মাজত বিসংগতিৰ অভিযোগ আছে। গতিকে সকলো ভিভিপেট শ্লিপ গণনা কৰিব লাগে।

EVM আৰু VVPAT শ্লিপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত স্পষ্টিকৰণ দিব নিৰ্বাচন আয়োগে...
চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in