Save Ladakh: -২০ ডিগ্ৰী চেলচিয়াছত সোনম ৱাংচুকৰ ৫ দিনীয়া অনশন

লাডাখক সুৰক্ষা কৰিবলৈ ৫ দিনীয়া 'ক্লাইমেট ফাষ্ট'ত আৰম্ভ কৰিছে প্ৰখ্যাত জলবায়ু কৰ্মী সোনম ৱাংচুকে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা অনশনৰ আজি তৃতীয় দিন।
Save Ladakh: -২০ ডিগ্ৰী চেলচিয়াছত সোনম ৱাংচুকৰ ৫ দিনীয়া অনশন

ডিজিটেল ডেস্ক: লাডাখক সুৰক্ষা কৰিবলৈ ৫ দিনীয়া 'ক্লাইমেট ফাষ্ট'ত আৰম্ভ কৰিছে প্ৰখ্যাত জলবায়ু কৰ্মী সোনম ৱাংচুকে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা অনশনৰ আজি তৃতীয় দিন।

শুকুৰবাৰে তেওঁ এটা ভিডিঅ' প্ৰেৰণ কৰে। য'ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁক খাৰদুংলালৈ যাবলৈ অনুমতি দিবলৈ আহ্বান জনায়। সেই অঞ্চলটোৰ ৰাস্তা বৰ্তমান তুষাৰপাতৰ বাবে বন্ধ হৈ আছে।

উল্লেখ্য যে খাৰদাংলাত পৃথিৱীৰ সৰ্বোচ্চ বাহনযোগ্য পথটো ১৮,০০০ ফুট উচ্চতাত আছে। সেই অঞ্চলত বৰ্তমানৰ তাপমাত্ৰা -৪০ ডিগ্ৰী চেলচিয়াছ। গতিকে সেই অঞ্চলত তেওঁৰ জীৱনলৈ ভাবুকি আহি পৰিব পাৰে।

ৱাংচুক পেছাত এজন অভিযন্তা। বৃহস্পতিবাৰে ফিয়াঙৰ হিমালয় ইনষ্টিটিউট অৱ অলটাৰ্নেটিভ লাডাখ (এইচআইএএল)ৰ ওপৰৰ লাডাঙক সুৰক্ষা (save ladakh) ৰ দাবীৰে ৫ দিনীয়া অনশন আৰম্ভ কৰে।

গ্লেছিয়াৰ সমূহ দ্ৰুতগতিত গলি যোৱা আৰু অন্যান্য জলবায়ু সমস্যাত লৈ উদ্বিগ্ন হৈ সোনম ৱাংচুচাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লাডাখৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। ছ'চিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ'ত সোনম ৱাংচুকে কয় যে প্ৰশাসনে মোৰ অনশন 'এইচআইএএল' লৈ সীমাবদ্ধ কৰি ৰাখিছে। মোৰ জীৱনলৈ ভাবকি আহিব পাৰে বুলি খাৰদুং লা টপ যাবলৈ অনুমতি দিয়া নাই।

ভিডিঅ'টো চাৰিওফালে বৰফে আৱৰি থকা দেখা যায়। ৱাংচুকে কয় যে ফিয়াঙৰ বৰ্তমানৰ তাপমাত্ৰা -২০ ডিগ্ৰী চেলচিয়াছ।

আৰু পঢ়ক: ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম হৈছে 'সনাতন ধৰ্ম': আদিত্যনাথ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in