লাডাখক শেষ কৰাৰ ষড়যন্ত্ৰ কেন্দ্ৰৰ ! ১৪ দিনে অনশনত আছে সোনম ৱাংচুক...

সংবিধানৰ ষষ্ঠ অনুসূচী আৰু পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ দাবী
লাডাখক শেষ কৰাৰ ষড়যন্ত্ৰ কেন্দ্ৰৰ ! ১৪ দিনে অনশনত আছে সোনম ৱাংচুক...
লাডাখক শেষ কৰাৰ ষড়যন্ত্ৰ কেন্দ্ৰৰ ! ১৪ দিনে অনশনত আছে সোনম ৱাংচুক...

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ছবি 'থ্ৰী ইডিয়টছ'ৰ 'ৰেঞ্চো' চৰিত্ৰটো মনত আছেনে? আমিৰ খানৰ দ্বাৰা অভিনীত এই চৰিত্ৰটো এতিয়াও দেশৰ কোটি কোটি লোকৰ মন মগজুত শিপাই আছে। ৰেঞ্চো নামৰ এই চৰিত্ৰটো কাল্পনিক নাছিল। বহুতেই হয়তো এই কথা জানে। লাডাখৰ সোনম ৱাংচুক নামৰ লোকজনৰ বাস্তৱিক চৰিত্ৰৰ আধাৰত চেলুলয়ডত আমিৰ খানে ৰেঞ্চো চৰিত্ৰ ৰূপায়ণ কৰিছিল।

বিভিন্ন সময়ত চৰ্চাত থকা সোনম ৱাংচুক শেহতীয়াকৈ পুনৰ চৰ্চাত আছে। লাডাখক ৰক্ষা কৰাৰ স্বাৰ্থত অনশনত আছে তেওঁ। -১৫ ডিগ্ৰী চেলছিয়াছ শীতৰ মাজতো মুকলি আকাশৰ তলত গাত এখন কম্বল লৈ এই অনশনত বহিছে তেওঁ।

তেওঁলৈ সমৰ্থন আগবঢ়াইছে লাডাখবাসীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এতিয়াও ভালকৈ চৰ্চালৈ নহা সোনম ৱাংচুকৰ এই প্ৰতিবাদে অৱশ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। এক্স, মেটা আদিত বহুতেই তেওঁলৈ সমৰ্থন আগবঢ়াইছে।

লাডাখক ৰক্ষা কৰাৰ উদ্দেশ্যৰে অনশনত বহা সোনম ৱাংচুকৰ সৈতে অনশনত বহিছে হাজাৰ হাজাৰ লাডাখৰ বাসিন্দা। এই অনশনৰ মাজতে তেওঁৰ প্ৰশ্ন- মানুহে আজি জানিবলৈ বিচাৰিছে, আমাৰ পাহাৰবোৰ বিভিন্ন উদ্যোগীক সংস্থা, খনি সংস্থাক বিক্ৰী কৰি দিয়াৰ বাবেই লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হৈছে নেকি?

প্ৰায় প্ৰতিদিনেই লাডাখৰ বহু লোকে সোনম ৱাংচুকৰ সৈতে -১৫ ডিগ্ৰী চেলছিয়াৰ শীতৰ মাজতো মুকলি আকাশৰ তলত নিশা পাৰ কৰিছে। দিনৰ ভাগত এই প্ৰতিবাদত চামিল হৈছে হাজাৰ হাজাৰ লোক।

যোৱা দুটা সপ্তাহে অনশনত বহা সোনম ৱাংচুকে কয়- বিদায়ী চৰকাৰে লাডাখৰ লোকসকলৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেয়া মনত পেলাওক। বিভিন্ন সভাত ২০১৯ ৰ লোকসভা নিৰ্বাচনত, ২০২০ ৰ পৰিষদীয় নিৰ্বাচনত তেওঁলোকে কৈছিল লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত সুৰক্ষা প্ৰদান কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰ বাবেই তেওঁলোক বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। কিন্তু নিৰ্বাচনত জয়ী হ'ল যদিও তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। ৪ মাৰ্চত তেওঁলোকে স্পষ্টকৈ ঘোষণা কৰিছে লাডাখক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা নহ'ব।

তেওঁ কয়, লাডাখৰ স্থানীয় লোকসকলৰ বাবে এতিয়া সংৰক্ষণ বা গণতান্ত্ৰিক গাঁথনি নাই। লাডাখৰ হৈ সিদ্ধান্ত ল'বলৈ কোনো বিধানসভা নাই, কোনো নিৰ্বাচিত নেতা নাই। লাডাখত দিল্লীৰ পৰা নিয়ন্ত্ৰিত এক আমোলাতান্ত্ৰিক শাসন আছে। ফলত এসময়ত লাডাখত কেন্দ্ৰীয় শাসিত অঞ্চল বিচৰা লোকসকলৰ আজি মোহভংগ হৈছে।

সোনম ৱাংচুকৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ এনে আচৰণৰ বাবেই লাডাখী সেনাৰো মোহভংগ হৈছে। তেওঁ কয়, বিজেপিয়ে কেৱল নিৰ্বাচন আৰু কিমান আসন জয় কৰিব পাৰে তাৰ বিষয়েহে চিন্তা কৰে। মানুহৰ কথা চিন্তা নকৰে। আমি কেন্দ্ৰৰ পৰা এটা আশ্বাস বিচাৰিছোঁ যে, ভৱিষ্যতে এনে আকৌ প্ৰতিশ্ৰুতি ভংগ নকৰে।

তেওঁ কেন্দ্ৰৰ পৰা বহুপাক্ষিক আইনী চুক্তিও দাবী কৰিছে। লাডাখবাসীৰ দাবী লাডাখক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰাৰ লগতে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰক। ৰমন মেগছেছে বঁটা বিজয়ী সোনম ৱাংচুকৰ এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই কাৰ্গিল ডেমক্ৰেটিক এলায়েন্সে বৃহস্পতিবাৰে অৰ্ধদিনৰ ধৰ্মঘটৰ আহ্বান জনাইছে।

উল্লেখ্য যে, সোনম ৱাংচুকৰ এই প্ৰতিবাদৰ পূৰ্বেই লাডাখত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবীৰে প্ৰতিবাদ আৰম্ভ হৈছিল। এই সময়ছোৱাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কে ডি এ আৰু লে এপেক্স কাউন্সিলৰ ছয় জনীয়া প্ৰতিনিধি দলক সাক্ষাৎ কৰিছিল। এই সাক্ষাৎৰ সময়তে অমিত শ্বাহে লাডাখক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তৰ দাবী সম্ভৱ নহয় বুলি জনাই দিয়ে। তাৰ পাছৰে পৰা সোনম ৱাংচুকৰ এই অনশন অব্যাহত আছে।

লাডাখক শেষ কৰাৰ ষড়যন্ত্ৰ কেন্দ্ৰৰ ! ১৪ দিনে অনশনত আছে সোনম ৱাংচুক...
পিছুৱালে UPSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in