/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e493f4d5-2858-4eec-9420-c75f3935d8bc/UPSC_20.jpg)
পিছুৱালে UPSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন...
ডিজিটেল ডেস্কঃ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পিছুৱালে ইউ পি এছ চিৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ২০২৪ ৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন নিৰ্ধাৰণ কৰা হৈছিল ২৬ মে'। কিন্তু এই সময়ত দেশত অষ্টাদশ লোকসভা নিৰ্বাচন চলি থাকিব বাবে কমিচনে এই পৰীক্ষা ১৬ জুনলৈ পিছুৱাই দিছে।
উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত ইউ পি এছ চিৰ অফিচিয়েল ৱেবচাইটত পৰীক্ষা সন্দৰ্ভত জাননী জাৰি কৰিছিল। শেহতীয়াকৈ ১৯ মাৰ্চ, ২০২৪ ত কমিচনে ৱেবচাইটত আন এখন জাননী জাৰি কৰি পৰীক্ষা পিছুৱাই দিয়াৰ কথা অৱগত কৰিছে।
আনহাতে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি মূল পৰীক্ষা ২০ ছেপ্টেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে কমিচনে অসামৰিক সেৱা পৰীক্ষা-২০২৪ ৰ বাবে পঞ্জীয়নৰ সময়সীমাও বৃদ্ধি কৰিছিল।
Also Read: পুৱতি নিশা গৰজি উঠিল কাছাৰ আৰক্ষীৰ মাৰণাস্ত্ৰঃ গুলীবিদ্ধ অপহৰণ, ধৰ্ষণৰ গোচৰত অভিযুক্ত...