CRPF ৰ গাফিলতিঃ সংসদ ভৱনৰ সুৰক্ষা, নিৰাপত্তাৰ দায়িত্ব CISF ক...

CRPF ৰ গাফিলতিঃ সংসদ ভৱনৰ সুৰক্ষা, নিৰাপত্তাৰ দায়িত্ব CISF ক...
CRPF ৰ গাফিলতিঃ সংসদ ভৱনৰ সুৰক্ষা, নিৰাপত্তাৰ দায়িত্ব CISF ক...

ডিজিটেল ডেস্কঃ সংসদৰ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব প্ৰদান কৰিব চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চক।

উল্লেখ্য যে, ১৩ ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে সুৰক্ষা ব্যৱস্থাক ভেদ কৰি দুজন লোকে লোকসভাৰ দৰ্শকৰ বিথিকাৰ পৰা লোকসভাৰ মজিয়াত জপিয়াই স্ম'ক বোমাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সংসদৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্বত থকা চি আৰ পি এফৰ তীক্ষ্ণ নীৰিক্ষণকো নেওচি এইদৰে লোকসভাৰ মজিয়াত স্ম'ক বোমাৰে সন্ত্ৰাস সৃষ্টি কৰা কাৰ্যক সহজভাৱে লোৱা নাই।

আনহাতে বিৰোধীয়েও এই বিষয়টোক লৈ সংসদত অব্যাহত ৰাখিছে প্ৰতিবাদ। এনে প্ৰতিবাদৰ মাজতে লোকসভা আৰু ৰাজ্যসভাৰ পৰা ১৪৩ গৰাকীকৈ বিৰোধী সাংসদক নিলম্বিত কৰা হৈছে।

তাৰ মাজতে সংসদ ভৱনৰ সুৰক্ষা আৰু নিৰাপত্তা দায়িত্ব চি আই এছ এফক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি গৃহমন্ত্ৰণালয়ে সংসদ ভৱনৰ জৰীপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ পাছতে এক নিৰ্দিষ্ট আৰ্হিত চি আই এছ এফ আৰু অগ্নি নিৰ্বাপক বাহিনীক নিয়োজিত কৰিবলৈ এই জৰীপ কৰা হ'ব।

উল্লেখ্য যে, চি আই এছ এফ হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী যি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা মন্ত্ৰণালয়ৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকাৰ লগতে বিমান বন্দৰ, মেট্ৰ' ষ্টেচন, বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানত নিয়োজিত হৈ আছে।

CRPF ৰ গাফিলতিঃ সংসদ ভৱনৰ সুৰক্ষা, নিৰাপত্তাৰ দায়িত্ব CISF ক...
মাজবাটত চোৰাং কাঠ চক্ৰ উৎসাতঃ কাঠসহ, মেচিন জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in