মাজবাটত চোৰাং কাঠ চক্ৰ উৎসাতঃ কাঠসহ, মেচিন জব্দ...

মাজবাটত চোৰাং কাঠ চক্ৰ উৎসাতঃ কাঠসহ, মেচিন জব্দ...

author-image
Asomiya Pratidin
New Update
মাজবাটত চোৰাং কাঠ চক্ৰ উৎসাতঃ কাঠসহ, মেচিন জব্দ...

ডিজিটেল সংবাদ ওৰাংঃবৃহস্পতিবাৰে মাজবাটত এক চোৰাং কাঠ ব্যৱসায়ী চক্ৰক উৎসাত কৰিবলৈ সক্ষম হয় মাজবাট আঞ্চলিক বন বিভাগে। জানিব পৰা মতে বন বিষায়ই ১৫০ কেবি কাঠসহ কাঠ কটা কাৰ্যত ব্যৱহাৰ কৰা মেচিনো জব্দ কৰিছে।

Advertisment

এক গোপন খিবিৰৰ ভিত্তিত অসম অৰুণাচল সীমান্তৱৰ্তী বম্বেই চেণ্টাৰ জংগলত এক অভিযান চলাই বন বিভাগৰ দলটোৱে। এই অভিযানতে দলটোৱে ১৫০ কেবি কাঠসহ কাঠ কটা এটা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে দলটোৱে অভিযান চলাবলৈ যোৱাৰ উমান লাভ কৰি চোৰাং কাঠৰ ব্যৱসায়ৰ সৈতে জড়িতসকল সেই স্থানৰ পৰা পলায়ন কৰে। কোনো এজন লোককে দলটোৱে অভিযানৰ সময়ত আটক অথবা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

এই অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰীয়ে। লগতে দলটোত আছিল মাজবাট আঞ্চলিক বন বিভাগৰ বীট অফিচাৰ মিন্টু বড়োসহ ওদালগুৰি জিলা বন কৰ্মীৰ এটা দলে। বিট অফিচাৰ মিন্টু বড়োয়ে জানিবলৈ দিয়ে অনুসৰি জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ ৩০ হাজাৰ টকা।

Also Read: নগাঁৱত জিলা প্ৰশাসন কৰ্মচাৰীৰ প্ৰতিবাদ...

মাজবাট চোৰাং কাঠ