CISF ৰ প্ৰথম মহিলা প্ৰধান নীনা সিং, অৱসৰৰ পূৰ্বে গুৰু দায়িত্ব লাভ

CISF ৰ প্ৰথম মহিলা প্ৰধান নীনা সিং, অৱসৰৰ পূৰ্বে গুৰু দায়িত্ব লাভ

ডিজিটেল ডেস্কঃ ৰাজস্থান কেডাৰৰ জ্যেষ্ঠ আইপিএছ বিষয়া নীনা সিঙক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) ডিজি হিচাপে নিযুক্তি দিয়া হৈছে। নীনা সিং চিআইএছএফৰ প্ৰথম গৰাকী মহিলা প্ৰধান।

নীনা সিং বিহাৰৰ বাসিন্দা। তেওঁ স্বামী ৰোহিত কুমাৰ সিং ৰাজস্থান কেডাৰৰ আইএএছ বিষয়া। নীনা সিং ইয়াৰ পূৰ্বে চিআইএছএফৰ এডিজি আছিল। ডিজি হিচাপে নিযুক্তি লাভ কৰাৰ পাচতেই চিআইএছএফৰ সকলো দায়িত্ব এতিয়া নীনা সিঙৰ ওপৰত।

ৰাজস্থান কেডাৰৰ ১৯৮৯ বেচৰ আইপিএছ বিষয়া নীনা সিং। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰত তেওঁ সেৱা আগবঢ়াইছে। নীনা সিঙক এগৰাকী সুদক্ষ আইপিএছ হিচাপে জনা যায়। তেওঁৰ কামৰ বাবে তেওঁক ২০০৫ চনত পুলিচ মেডেল প্ৰদান কৰা হৈছিল। নীনা সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল।

আইপিএছ নীনা সিঙে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ত যুটীয়া সঞ্চালক হিচাপে কাম কৰিছিল। চিবিআইত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰত তেওঁ কাম কৰিছিল। তেওঁ পিএনবি কেলেংকাৰী আৰু নীৰৱ মোডীকে ধৰি গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তৰ অংশ আছিল।

উল্লেখ্য যে, ১৯৬৯ চনত গঠিত হোৱা চিআইএছএফৰ এতিয়ালৈকে মহিলা প্ৰধান নাছিল। প্ৰায় ৫৪ বছৰ পাছত নীনা সিঙে লাভ কৰিছে এই বিশেষ দায়িত্ব। ২০২৪ চনৰ ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিব নীনা সিঙে।

CISF ৰ প্ৰথম মহিলা প্ৰধান নীনা সিং, অৱসৰৰ পূৰ্বে গুৰু দায়িত্ব লাভ
কি কাৰণে শ্ৰেণী কোঠাত চৰম পন্থা গ্ৰহণ কৰিলে প্ৰধান শিক্ষকে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in