ইন্দ্ৰধনুশ গেছ গ্ৰীডৰ বাবে হাজাৰ হাজাৰ কৃষি ভূমি পানীৰ তলতঃ জিলা প্ৰশাসনৰো আওকাণ...

ইন্দ্ৰধনুশ গেছ গ্ৰীডৰ বাবে হাজাৰ হাজাৰ কৃষি ভূমি পানীৰ তলতঃ জিলা প্ৰশাসনৰো আওকান...
ইন্দ্ৰধনুশ গেছ গ্ৰীডৰ বাবে হাজাৰ হাজাৰ কৃষি ভূমি পানীৰ তলতঃ জিলা প্ৰশাসনৰো আওকান...
Published on
Updated on

ডিজিটেল সংবাদ তিতাবৰঃ ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ বাবেই এতিয়া তিতাবৰৰ শ শ কৃষক ৰাইজৰ হাজাৰ হাজাৰ কৃষি ভূমি সম্পূৰ্ণৰূপে নষ্ট। কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে কৰা খেতিডৰা এতিয়া পানীৰ তলত।

উল্লেখ্য যে, তিতাবৰৰ মেলামাটি পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত গেছ পাইপ বহুৱাৰ নামত প্ৰতিষ্ঠানটোৱে খান্দি পেলাইছিল কাছজান নদীৰ মথাউৰী। পৰৱৰ্তী সময়ত ৰাইজ তথা স্থানীয় দল সংগঠনৰ দাবীত কোম্পানীটোৱে এই মথাউৰীটো পুনৰ নিৰ্মাণ কৰে যদিও নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰি কোনোমতে জোৰা টাপলি মৰাৰ ফলতে পুনৰ মথাউৰীটো ভাগি যায়।

যাৰফলত নদীখনৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ কৃষকৰ ধানখেতি বুৰাই পেলাই। উল্লেখ্য যে, মথাউৰীটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ কথা জনোৱা হৈছিল তিতাবৰ মহকুমাধিপতি আৰু যোৰহাট জিলা উপায়ুক্তক। আনকি তিতাবৰ আৰক্ষী থানাটো কোম্পানীটোৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে প্ৰশাসনৰ তৰফৰ পৰা এই বিষয়টোত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। যাৰ পৰিণতিত নিম্নমানৰ সামগ্ৰীৰে পুনৰ নিৰ্মাণ কৰা মথাউৰীটো পুনৰ ভাগি যায়।

যাৰফলত প্ৰায় ১২খন গাওঁৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীত ডুব গৈছে। ভুক্তিভূগি ৰাইজে গেছ পাইপ বহুৱা কোম্পানী ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ ওপৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ দাবী জনাইছে।

এই সন্দৰ্ভত স্থানীয় এজন লোকে সংবাদ মাধ্যমৰ আগত কয় যে, মথাউৰীটোৰ সন্দৰ্ভত জিলা প্ৰশাসনক প্ৰায় ২ মাহ আগতেই অৱগত কৰিছিল। ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডে মেলামাটি পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ এই মথাউৰীটো সম্পূৰ্ণ খনন কৰি যেতিয়া মুক্ত ভাৱে থৈছিল তেতিয়া ভৱিষ্যতৰ বিপদৰ আশংকা কৰি মাননীয় মহকুমাধিপতি মহোদয়, মাননীয় উপায়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো।

ইয়াৰ পাছতে তেওঁলোকে ইন্দ্ৰধনুশ গেছ গ্ৰীডৰ সৈতে কথা পাতিছিল আৰু কোম্পানীটোৱে পালমৰাকৈ মথাউৰীটোৰ কাষতে মাটি খান্দি চিমেণ্টৰ বস্তাত ভৰাই মথাউৰীটো বন্ধাৰ ব্যৱস্থা কৰিছিল। এইদৰে পালমাৰি মথাউৰীটো নিৰ্মাণ কৰাৰ বাবে পুনৰ প্ৰশাসনক অৱগত কৰাত কোম্পানীটোৱে মাত্ৰ ৬০ টা জিঅ'বেগ লৈ আনি সেইবাৰো মথাউৰীটোৰ কাষতে মাটি খান্দি চিমেণ্টৰ বেগত মাটি ভৰাই মথাউৰীটো মৰাৰ ব্যৱস্থা কৰে।

ইয়াৰ পিছত তৃতীয়বাৰৰ বাবে এই বিষয়ে অৱগত কৰাত খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে এগৰাকী অভিযন্তাক মথাউৰীটো পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিয়াত তেওঁ আহি মথাউৰীটো পৰিদৰ্শন নকৰাকৈয়ে উভতি যায়। পাছত তেওঁ কয়, মথাউৰীটোৰ সেই অংশত কেইবাজনো লোকে মদ্যপান কৰি থকাৰ বাবে প্ৰাণৰ সংশয়ত তেওঁ তাৰ পৰা সেইদৰে আঁতৰি যায়।

এনে ফলশ্ৰুতিতে আজি মথাউৰীটো ভাঙি কৃষকৰ খেতি পথাৰ পানীৰ তলত। এই বিষয়ে স্থানীয় বিধায়ককো অৱগত কৰা হৈছিল যদিও তেওঁৰো কোনো সহাৰী নাপালো। যাৰ বাবে আজি কৃষকৰ এইদৰে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে।

ইয়াৰোপৰি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত কয়, যদিহে এই কোম্পানীটোৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে প্ৰয়োজনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সাধাৰণ কৃষক ৰাইজে।

ইন্দ্ৰধনুশ গেছ গ্ৰীডৰ বাবে হাজাৰ হাজাৰ কৃষি ভূমি পানীৰ তলতঃ জিলা প্ৰশাসনৰো আওকান...
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদলঃ চাওক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in