নিষ্ফল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ, ৩ বছৰত ৬ কি:মি: মাটি দখল চীনৰ...

নিষ্ফল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ, ৩ বছৰত ৬ কি:মি: মাটি দখল চীনৰ...

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় শাসনাধিষ্ঠ চৰকাৰৰ আস্ফালন যে নিষ্ফল সেই কথা সময়ে সময়ে প্ৰমাণ কৰি আহিছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ শোচনীয় অৱস্থাই । সেনাৰ সৰ্বোচ্চ বলিদানৰ অৰ্ঘৰে দেশ পূজাৰ ভুৱা আশ্বাস দিয়া চৰকাৰ খনৰ ব্যৰ্থতা এইবাৰ প্ৰকাশ পালে মাৰ্কিন ছেটেলাইট কোম্পানী মেক্সাৰৰ আলোকচিত্ৰত । চীনৰ ভয়ংকৰ আগ্ৰাসনৰ বলি ভাৰত আৰু ভূটান । ৩ বছৰতেই অৰুণাচলৰ ৬ কি:মি: ভিতৰলৈ সোমাই ইতিমধ্যেই বহু গাওঁ নিৰ্মাণ চীনৰ । আনহাতে, ভূটানতো ২৫ হেজাৰ একৰ ভূমি চীনৰ দখলত ।

কিন্তু সকলো দেখিও নেদেখাৰ ভাও এতিয়া ভাৰত চৰকাৰৰ । নিৰ্বাচনৰ পূৰ্বে যেন বিফলতা লুকুৱাই ৰখাৰ প্ৰচেষ্টাও বিফল চৰকাৰ খনৰ । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মেল আৰু সদনত সততেই চীনৰ আগ্ৰাসনক প্ৰশ্ৰয় দিয়া নহ'ব বুলি দি অহা হুংকাৰৰ বিৰুদ্ধে চীনে প্ৰকৃততে চলোৱা আগ্ৰাসনৰ ক্ষেত্ৰত আকৌ দুৰ্বল চৰকাৰ ।

৯ ডিছেম্বৰত ভাৰতীয় সেনাৰ ওপৰত জপিয়াই পৰিছিল ৬ শতাধিক চীনা সৈন্য । বৈদ্যুতিক লাঠি আৰু লোহাৰ কাইটযুক্ত লাঠিৰে কৰা আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল ৪ জনকৈ ভাৰতীয় সেনাই । পৰৱৰ্তী সময়ত চীনা সৈন্যৰ এই দলবদ্ধ আক্ৰমণক মুষ্টিমেয় ভাৰতীয় সেনায়েই বাধা দিয়ে যদিও ইতিমধ্যেই আঘাতপ্ৰাপ্ত হৈছিল সেনা ৪ গৰাকী ।

উল্লেখ্য যে, ভাৰতীয় সেনাৰ ওপৰত চীন অথবা পাকিস্তানৰ এনে আক্ৰমণ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ঘটিছে এনে ঘটনা । জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ পুলৱামাত সেনাৰ বাহন এখন বিস্ফোৰক সামগ্ৰীৰে উৰুৱাই দিয়া হৈছিল বিগত সময়ত । ফলত বাহনৰ ভিতৰত থকা সেনাৰ দলটো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছিল ।

এতিয়া প্ৰশ্ন হয়, সেনাত ভৰ্তি হোৱাৰ সময়তেই দেশ মাতৃক সেৱা কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয় সৈন্যসকল । তুমুল সংগ্ৰাম, কষ্টৰ মাজেৰে প্ৰশিক্ষণ সমাপ্ত কৰি এটি অঞ্চলত মোতায়েন হয় সৈন্য গৰাকী । এই প্ৰশিক্ষণৰ অন্তত সৰ্বোচ্চ বলিদান দিয়াতোও যেন সহজ কথা হৈ পৰে সৈন্য গৰাকীৰ বাবে । কিন্তু তাৰ সৈতেই দেশে হেৰুৱাই এগৰাকী মানৱ সম্পদ, দেশ মাতৃৰ এটি সন্তান ।

তেনেস্থলত এই সকল লোকৰ বলিদানক শৌৰ্য, পৰাক্ৰমৰ বাবে প্ৰশংসা কৰাতকৈ এওঁলোকক অকাল মৃত্যুৰ পৰা দূৰৈত সুৰক্ষিত ভাৱে ৰাখিব পৰাটোহে হ'ব লাগিছিল চৰকাৰৰ প্ৰথম কৰ্তব্য কিন্তু তাৰ এক বিপৰীত ভাষ্য ক্ৰমে সমগ্ৰ দেশবাসীৰ মাজত প্ৰস্তুত কৰি আহিছে চৰকাৰ খনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in