সুকীয়া ফ্ৰ'ণ্টিয়াৰ নাগালেণ্ডৰ দাবী অধ্যয়নৰ বাবে টুৱেনচাঙত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দল

১৬ ডিছেম্বৰত চোৰাংচোৱা বিভাগৰ প্ৰাক্তন বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰৰ নেতৃত্বত উপস্থিত হ'ব দলটি
সুকীয়া ফ্ৰ'ণ্টিয়াৰ নাগালেণ্ডৰ দাবী অধ্যয়নৰ বাবে টুৱেনচাঙত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দল

ডিজিটেল সংবাদ, ৱাখা : ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেছনৰ সুকীয়া ফ্ৰ'ণ্টিয়াৰ নাগালেণ্ডৰ দাবীৰ ক্ৰমাৎ প্ৰবল হৈ উঠাৰ পৰিপ্ৰেক্ষিতত প্ৰাক্তন কেন্দ্ৰীয় চোৰাংচোৱা বিশেষ সঞ্চালক এ কে মিশ্ৰৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ৰ দ্বাৰা গঠিত তিনি জনীয়া কমিটি অহা ১৬ ডিচেম্বৰত টুৱেনছাঙত উপস্থিত হ’ব । দলটোৱে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেছনৰ দ্বাৰা ফ্ৰন্টিয়াৰ নাগালেণ্ড ৰাজ্যৰ দাবীৰ বিষয়ে আলোচনা আৰু অধ্যয়ন কৰিব ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দলটোৰ আন সদস্যসকলৰ ভিতৰত আছে- যুটীয়া সঞ্চালক চোৰাংচোৱা ব্যুৰো ড০ মনদ্বীপ সিং টুলি আৰু গৃহমন্ত্ৰ্যালয়ৰ উত্তৰ-পূব সংমণ্ডলৰ সঞ্চালক এ কে ধ্যানী। উল্লেখযোগ্য যে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ তেওঁলোকৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় দলটোৱে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেছন আৰু ফ্ৰন্টিয়াৰ নাগালেণ্ডৰ আলোচনাকাৰী দলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠকত মিলিত হ’ব ।

গৃহ মন্ত্ৰালয়ৰ দলটোৱে পূৰ্ব নাগালেণ্ডৰ সাতটা জনজাতীয় সংস্থা ক্ৰমে ইষ্টাৰ্ণ নাগালেণ্ড মহিলা সংগঠন আৰু ইষ্টাৰ্ণ নাগা ছাত্ৰ ফেডাৰেচনৰ নেতাসকলো থাকিব। তদুপৰি কেন্দ্ৰীয় দলটোৱে গাঁওবুঢ়া ফেডাৰেচন আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল আৰু ৰাজ্য চৰকাৰৰ অন্যান্য বিষয়াৰ সৈতে যৌথ বৈঠকত মিলিত হ’ব।

১৮ ডিচেম্বৰত দলটোৱে ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ নকলাক জিলাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ DAN Pangsha ভ্ৰমণ কৰি তাৰ পিছত ৰাজধানী ক'হিমালৈ ৰাওনা হ'ব । ইফালে ১৯ ডিচেম্বৰত টুৱেনছাঙৰ চি কে এছ হলত ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেছনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকো আহ্বান কৰা হৈছে ।

জানিব পৰামতে কেন্দ্ৰীয় দলটোৱে নিজৰ প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পিছত ২০২৩ চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূব নাগালেণ্ড ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে যোৱা ৬ ডিচেম্বৰত ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেছনৰ দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সময়ত গৃহমন্ত্ৰীয়ে পূব নাগালেণ্ডৰ বাবে সৌহাৰ্দ্যপূৰ্ণ, আইনগত আৰু বহনক্ষম সমাধানৰ বাবে এক স্পষ্ট ৰোডমেপৰ ওপৰত আলোকপাত কৰিছিল । জানিব পৰা আগত অহা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২৩ চনৰ জানুৱাৰী মাহত অমিত শ্বাহে ইষ্টাৰ্ণ নাগালেণ্ড ভ্ৰমণ কৰিব আৰু তেতিয়া গৃহ মন্ত্ৰীয়ে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেছনৰ দাবী সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্তৰ কিছু ঘোষণা কৰাৰ সম্ভাৱনা আছে। অতি তাৎপৰ্যপূৰ্ণ কথা হল যে ৬০ জনীয়া আসনযুক্ত নাগালেণ্ড বিধানসভাত পূব নাগালেণ্ডত ছখন জিলাৰ ২০টা বিধানসভা সমষ্টি আছে।

গতিকে যদি কেন্দ্ৰীয় চৰকাৰে ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ ফ্ৰন্টিয়াৰ নাগালেণ্ডৰ দাবীক গুৰুত্ব নিদিয়ে তেনেহলে আগন্তুক ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁট চৰকাৰখন নিশ্চিতভাৱে শলঠেকত পৰা সম্ভাৱনা আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in