মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবী অখিল গগৈৰ

লোকসভা নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত কেজৰিৱালক গ্ৰেপ্তাৰৰ দ্বাৰা বিৰোধীক বাকৰূদ্ধ কৰিব খোজা হৈছে। এয়া দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত দেখ দেখ আক্ৰমণ : অখিল গগৈ
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবী অখিল গগৈৰ

ডিজিটেল ডেস্ক : আজি নিশা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বাসগৃহৰ পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে ইডিয়ে সুৰা নীতি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ইডিৰ মুখ্য কাৰ্যলয়লৈ নিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, কেইবাঘণ্টা চলা জেৰাৰ অন্তত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পাছতে সৰৱ হৈ উঠিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অৰবিন্দ কেজৰিৱালক নিঃচৰ্তভাৱে মুক্তি দিয়াৰ বাবে অখিল গগৈয়ে দাবী জনায়।

ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়- অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক তীব্ৰ নিন্দা কৰিছোঁ আৰু তেওঁক নিঃচৰ্তভাৱে মুক্তি দিবলৈ দাবী জনাইছোঁ। লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কেজৰিৱালক গ্ৰেপ্তাৰৰ দ্বাৰা বিৰোধীক বাকৰূদ্ধ কৰিব খোজা হৈছে। এয়া দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত দেখ দেখ আক্ৰমণ।

ৰাইজৰ দলৰ সভাপতি হিচাপে দেশৰ সকলো বিৰোধী দলকে কেন্দ্ৰীয় চৰকাৰৰ এই গণতন্ত্ৰ হত্যাকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবলৈ আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ অখিল গগৈয়ে আহ্বান জনায়।

ইফালে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বাবে আপৰ সমৰ্থকসকলে প্ৰতিবাদ কৰে। আপৰ নেতা-কৰ্মীসকল যিকোনো সময়তে ক্ষোভিত হৈ উঠিব পাৰে বুলি আৰক্ষী তথা প্ৰশাসনে কঠোৰ নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবী অখিল গগৈৰ
প্ৰাক্তন এন ডি এফ বি কেডাৰৰ 'আপ'ত যোগদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in