৪ ঘণ্টাত পৰিস্ফুত হ'ল দৃশ্যপটঃ কোন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ, চাওঁক এই খবৰ...

৪ ঘণ্টাত পৰিস্ফুত হ'ল দৃশ্যপটঃ কোন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ, চাওঁক এই খবৰ...

author-image
Asomiya Pratidin
New Update
৪ ঘণ্টাত পৰিস্ফুত হ'ল দৃশ্যপটঃ কোন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ, চাওঁক এই খবৰ...

৪ ঘণ্টাত পৰিস্ফুত হ'ল দৃশ্যপটঃ কোন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ, চাওঁক এই খবৰ...

ডিজিটেল ডেস্কঃ ভোটগণনাৰ ৪ ঘণ্টা অতিক্ৰম হৈছে। এই ৪ ঘণ্টাত নিৰ্বাচনী ফলাফল এক ধাৰণা কৰিব পৰা দৃশ্য পৰিস্ফুত হৈ পৰিছে। নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়ত বিজেপি আগবাঢ়ি আছে।

Advertisment

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ছত্তিশগড়ত বিজেপি ৫৪ খন আসনত আগবাঢ়ি আছে। পুনৰ ক্ষমতা দখলৰ সপোন দেখা কংগ্ৰেছ এই পৰ্যন্ত আগবাঢ়িছে মাত্ৰ ৩৪ খন আসন। মধ্যপ্ৰদেশত বিজেপিয়ে ১৫৭ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৭০ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ৩ খন আসনত।

ৰাজস্থানত ১১৪ খন আসনত আগবাঢ়িছে বিজেপি। কংগ্ৰেছ আগবাঢ়ি আছে ৭০ খন আসনত। অন্যান্য আগবাঢ়ি আছে ১২ খন আসনত। ইয়াৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছ ৬৫ খন আসনত, বি আৰ এছ ৩৯ খন আসনত, বিজেপি ৯ খন আসনত এ আই এম আই এম ৪ খন আসনত আগবাঢ়ি আছে।

Also Read: ৩ ৰাজ্যত বিপৰ্যয়ঃ নিৰ্বাচনৰ পূৰ্বে গুৰুত্বহীন ইণ্ডিয়া গোটৰ শৰনাপন্ন কংগ্ৰেছ...

বিধানসভা নিৰ্বাচন