/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e321eb92-b626-44aa-a1f7-053bb42ad5ea/AP_FOR_WEB_aliah.jpg)
ডিজিটেল ডেস্ক: যুগ্ম জীৱনৰ পাতনি মেলোতে পিন্ধা শাৰীখন পিন্ধিয়েই জীৱনৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে। হয়, মঙলবাৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে আলিয়া ভাটে।আলিয়াই তেওঁৰ ছবি 'গঙ্গুবাই কাঠিয়াৱাড়ী'ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয়ৰ বাবে এই বঁটা লাভ কৰে।
দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত এই বঁটা প্ৰদান অনিষ্ঠানত আলিয়া ভাট তেওঁৰ স্বামী ৰণবীৰ কাপুৰৰ সৈতে উপস্থিত থাকে। আলিয়াক সেই বিশেষ শাৰীখনৰ সৈতে খুব ধুনীয়া দেখা গৈছে।সোণালী ৰঙৰে কাম কৰা এই শাৰীখনৰ সৈতে আলিয়াই চুলিখিনি খুব সাধাৰণভাৱে বান্ধি লোৱাৰ লগতে পিন্ধিছে এডাল চকাৰ নেকলেছ।
উল্লেখ্য যে, আন কইনাই পিন্ধাৰ দৰে আলিয়াই তেওঁৰ বিয়াত লেহেংগা পিন্ধা নাছিল।লেহেংগাৰ সলনি তেওঁ বিখ্যাত ডিজাইনাৰ সব্যসাচীৰ ‘আইভৰী গোল্ডেন’ শাৰী পিন্ধিছিল।ইয়াৰ লগতে তেওঁ পিন্ধিছিল ‘হেভী’ কুন্দন গহনা।
ইফালে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আলিয়াৰ স্বামী ৰণবীৰ কাপুৰে নীলা ছ্যুট পৰিধান কৰিছে। বহু আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে।চলিত বৰ্ষৰ ২৪ আগষ্টত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছিল।
Also Read: নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us