জহি-খহি গৈছে অসম ভৱন ! আড্ডা দিয়া বিষয়াৰ আহৰি নাই চোৱাচিতা কৰিবলৈ...

জহি-খহি গৈছে অসম ভৱন ! আড্ডা দিয়া বিষয়াৰ আহৰি নাই চোৱাচিতা কৰিবলৈ
জহি-খহি গৈছে অসম ভৱন ! আড্ডা দিয়া বিষয়াৰ আহৰি নাই চোৱাচিতা কৰিবলৈ

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্নস্থানত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছিল অসম ভৱন। বহিঃৰাজ্যত থকা এনে অসম ভৱনৰ গুৰুত্ব আৰু বিভিন্ন সময়ত ইয়াৰ ভূমিকা কম নহয়।

২০১৮ চনত চেন্নাইতো তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেতিয়াৰ স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দম ব্ৰহ্ম, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত উদ্বোধন কৰিছিল এটা অসম ভৱন।

চেন্নাইৰ দৰে চহৰত অসম ভৱনৰ কিমান প্ৰয়োজন সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ প্ৰতিদিনেই অসমৰ পৰা বিভিন্ন শ্ৰেণীৰ লোকৰ আগমণ ঘটে।

এনে দৃষ্টিকোণৰ পৰাই ২০১৮ ৰ ১ নৱেম্বৰত চেন্নাইত উদ্বোধন কৰা অসম ভৱনৰ বৰ্তমানৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ। কিয়নো নিৰ্মাণৰ মাত্ৰ ৪ টা বছৰৰ ভিতৰতে জহি খহি যাবলৈ ধৰিছে চেন্নাইস্থিত অসম ভৱন।

অসমৰ ৰাইজৰ পৰা সংগ্ৰহ কৰা কৰ, ৰাজ্য চৰকাৰে লোৱা ঋণৰ ধনেৰে নিৰ্মাণ কৰা এই অসম ভৱনৰ অৱস্থা বৰ্তমান অতি পুতৌ লগা। অসমৰ ৰাইজৰ সহায়ক হোৱাকৈ চেন্নাইৰ পাল্লিকাৰানাইৰ দাণ্ডেশ্বৰ নগৰত অৱস্থিত এই অসম ভৱনৰ চোৱা-চিতা কৰিবলৈ এতিয়া তাত কোনো নাই।

অথচ এই অসম ভৱনত অসম চৰকাৰ এন আনন্দ নামৰ চেন্নাই আৰু ভেলোৰৰ এজন যুটীয়া আয়ুক্ত আৰু আই টি ডি চিৰ অধীনত ৭ জন কৰ্মচাৰী আছে। উল্লেখ্য যে, চেন্নাইৰ নিবাসী আই এফ এছ বিষয়াজন অসমৰ বন বিভাগত CCF, Social Forestry হিচাপে কৰ্মৰত হৈ আছে।

আমাৰ হাতত পৰা তথ্য অনুসৰি এই ভৱনটোৰ দায়িত্বত থকা বিষয়াজনে কেৱল আড্ডা মাৰিবলৈহে ইয়ালৈ যায়। ভৱনত ভি ভি আই পিৰ বাবে এটা, ভি আই পিৰ বাবে ৩ টা আৰু ৭ টা সাধাৰণ কোঠা থকাৰ উপৰিও মেনেজাৰৰ বাবে আছে এটা আছুতীয়াকৈ কোঠা।

এই কোঠাৰ কাষতে আছে দাইনিং হল। এই দাইনিং হলটোৰ বৰ্তমানৰ অৱস্থা অতি কদৰ্যময়। এই কদৰ্যময় দাইনিং হলটো পৰিস্কাৰ কৰাৰ ব্যৱস্থা কৰিবলৈও আজৰি নাই বিষয়াজনৰ।

ইফালে ভেলোৰত নিৰ্মাণ কৰি থকা হৈছে আন এটা অসম ভৱন। সেয়েহে বৰ্তমানৰ অসম ভৱনটো মেৰামতি কৰিবলৈও ঠিকাদাৰজনৰো সময়ৰ অভাৱ।

সেয়ে এতিয়া এই ভৱনটো এফালৰ পৰা জহি-খহি যাবলৈ আৰম্ভ কৰিছে। অসম চৰকাৰেও নিজৰ এক সম্পদ ধ্বংসৰ দিশলৈ গতি কৰিছে যদিও সেই বিসয়ত গুৰুত্ব দিবলৈ আহৰি নাই।

ইফালে বহিৰাগত এজন বিষয়াৰ তত্বাৱধানত থকা অসম ভৱনটো মৃত্যুৰ দিশলৈ গতি কৰাৰ সময়তে অসম চৰকাৰে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাটো নিত্যান্তই প্ৰয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in