/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/67d55c9b-c2ba-4661-8fda-b0b51209cfdc/football_ecu.jpg)
ইকুৱেডৰ বিৰুদ্ধে ছেনেগাল
ডিজিটেল ডেস্কঃ মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হৈছে বিশ্বকাপ ফুটবল। মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহন কৰিব ইকুৱেডৰ আৰু ছেনেগালে।
বৰ্তমানলৈকে গ্ৰুপত ইকুৱেডৰ আৰু ছেনেগালৰ স্থান ক্ৰমে দ্বিতীয় আৰু তৃতীয়। ইকুৱেডৰ পইণ্ট ৪ আৰু ছেনেগালৰ পইণ্ট ৩ আনহাতে গ্ৰুপৰ শীৰ্ষত আছে নেডাৰলেণ্ডছ।
এতিয়ালৈকে ইকুৱেডৰে এখন মেচত জয়লাভ কৰাৰ বিপৰিতে আনখন ড্ৰ খেলিছে। ইফালে ছেনেগালে এই পৰ্যন্ত এখন মেচত জয়লাভ কৰাৰ বিপৰিতে আনখন মেচত পৰাজয়বৰণ কৰিছে। সেই অনুসৰি তুলনামূলকভাৱে ইকুৱেডৰ ছেনেগালতকৈ এখোজ আগবাঢ়ি আছে । মেচৰ সময়ঃ সন্ধিয়া ৮-৩০ বজাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us